বুধবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ খেলখন সমাপ্ত হোৱাৰ পিছতে চলিত আই পি এলৰ পৰা বিদায় লোৱা প্ৰথমটো দল হিচাপে পৰিগণিত হয় মুম্বাই ইণ্ডিয়ানছ। যদিও বুধবাৰে কোনো মেচ নাছিল, তথাপিও অন্ত পৰিল হাৰ্দিক পাণ্ডিয়াৰ সপোন।
বুধবাৰে ঘৰুৱা ফিল্ডত লক্ষ্ণৌক পৰাস্ত কৰে হায়দৰাবাদে। ফলত পেট কামিন্সে ১২খন মেচ খেলি ১৪ পইণ্ট লাভ কৰে। আই পি এলৰ পইণ্ট তালিকাত শীৰ্ষস্থান দখল কৰা কলকাতা নাইট ৰাইডাৰ্ছৰ ১৬ পইণ্ট। দ্বিতীয় স্থানত থকা ৰাজস্থান ৰয়েলছৰো ১৬ পইণ্ট। হায়দৰাবাদ তিনি নম্বৰত আছে।
চতুৰ্থ স্থানত আছে চেন্নাই ছুপাৰ কিংছ। মহেন্দ্ৰ সিং ধোনিৰ পইণ্ট ১২। ৫ স্থানত থকা লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ ১২ পইণ্টো আছে। ছয় নম্বৰত আছে দিল্লী কেপিটেলছ। ঋষভ পন্থৰ পইণ্টো ১২। নৱম স্থানত আছে মুম্বাই ইণ্ডিয়ানছ। ১২খন মেচত তেওঁলোকৰ পইণ্ট ৮।
হাৰ্দিক পাণ্ডিয়াৰ দুখন মেচ বাকী আছে। সেই দুখন মেচত জয়ী হ’লেও তেওঁলোকৰ সৰ্বাধিক ১২ পইণ্ট লাভ কৰিব। ইতিমধ্যে তিনিটা দলৰ পইণ্ট তেওঁলোকতকৈ বেছি। অহা মঙলবাৰে দিল্লী বনাম লক্ষ্ণৌৰ খেল। সেই মেচত জয়ী হোৱা দলটোৱে ১৪ পইণ্ট লাভ কৰিব। কিবা কাৰণত খেলখন পৰাস্ত হ’লেও তেওঁলোকৰ ১৩ পইণ্ট থাকিব। মুম্বাইয়ে কেতিয়াও ১২ পইণ্টতকৈ বেছি লাভ নকৰিব ৷
অৰ্থাৎ এই মেচৰ পিছত মুম্বাইৰ প্লে অফৰ আশাৰ অন্ত পৰিল। তেওঁলোকৰ পৰৱৰ্তী দুখন মেচ হৈছে ৰেগুলেচন মেচ। পাঁচবাৰৰ আই পি এল চেম্পিয়ন দলটোৱে আকৌ এবাৰ খালী হাতেৰে উভতি আহিবলগীয়া হ’ল৷