যোৱা বছৰ ডোহা ডাইমণ্ড লীগত সোণৰ পদক লাভ কৰিছিল নীৰজ চোপ্ৰাই । সেই মঞ্চত নীৰজ চোপ্ৰাই এইবাৰ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হ’ল ৷ টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰা নীৰজৰ জেভেলিনে ৮৮.৩৬ মিটাৰ স্পর্শ কৰে ৷ চেক গণৰাজ্যৰ জাকুব ভালডিচে জয় কৰে সোণৰ পদক। তেওঁ ৮৮.৩৮ মিটাৰ জেভেলিন নিক্ষেপ কৰে। মাত্ৰ দুচেণ্টিমিটাৰমাৰ বাবে নীৰজ সোণৰ পদকৰ পৰা বঞ্চিত হ’বলগীয়া হয় । গ্ৰেট বৃটেইনৰ এণ্ডাৰছন পিটাৰ্ছে ব্ৰঞ্জৰ পদক (৮৬.৬২ মিটাৰ) লাভ কৰে।
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে যোৱা বছৰ দোহা ডাইমণ্ড লীগত নীৰজে ৮৮.৬৭ মিটাৰ নিক্ষেপ কৰি সোণৰ পদক লাভ কৰিছিল। এইবাৰ তেওঁ সেই লক্ষ্যত উপনীত হ’ব নোৱাৰিলে। নীৰজে তুৰস্ক আৰু দক্ষিণ আফ্ৰিকাত প্ৰশিক্ষণ লৈ ডোহালৈ আহিছিল। ফলত সকলোৱে ধৰি লৈছিল যে যোৱাবাৰৰ দৰেই এইবাৰো তেওঁ সোণ লৈ ট্ৰেক এৰিব। কিন্তু সেই সপোন পূৰণ নহ’ল ৷
খেলৰ অন্তত তেওঁ কয়, ‘মোৰ লক্ষ্য পেৰিছ অলিম্পিক । কিন্তু ডাইমণ্ড লীগৰ সমানেই গুৰুত্বপূৰ্ণ। মাত্ৰ দুচেণ্টিমিটাৰত মই দ্বিতীয় স্থানত আছিলো। অহাবাৰ আৰু দূৰত্ব নিক্ষেপ কৰিবলৈ চেষ্টা কৰিম।” তেওঁ আৰু কয়, ‘কাটাৰত ভাৰতীয় দৰ্শকৰ পৰা আমি যি সমৰ্থন লাভ কৰিছো সেয়া অতুলনীয়। ধন্যবাদ দিবলৈ শব্দ নাই। ভাৰতীয় হোৱাৰ বাবে গৌৰৱান্বিত।”
ভাৰতৰ আন এজন প্ৰতিনিধি কিশোৰ জেনাই ৭৬.৩১ মিটাৰ থ্ৰ’ৰে নৱম স্থান দখল কৰে। ভাৰতৰ নতুন মুখ কিশোৰ জেনাই প্ৰথমবাৰৰ বাবে ডাইমণ্ড লীগত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে। কিন্তু তেওঁৰ অভিষেক সুখৰ নাছিল। তৃতীয় ৰাউণ্ডৰ অন্তত পদকৰ দৌৰৰ পৰা বাহিৰ হৈছিল। প্ৰথম থ্ৰ’ত জেভেলিনে ৭৫.৭২ মিটাৰ নিক্ষেপ কৰে। দ্বিতীয়টো থ্ৰ’ বাদ পৰাত কিশোৰ হতাশ হৈ পৰে। ঘূৰি আহিব নোৱাৰিলে। প্ৰসংগক্ৰমে কিশোৰে যোৱা বছৰ এছিয়ান গেমছত জেভেলিনত ৮৭.৫৪ মিটাৰ নিক্ষেপ কৰি ৰূপৰ পদক লাভ কৰিছিল।