আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলা দ্বিতীয়খন টি-২০ মেচত পাকিস্তানৰ অধিনায়ক বাবৰ আজম শূণ্য ৰাণত আউট হোৱাৰ পিছতো বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। দ্বিতীয়খন টি-২০ মেচত আয়াৰলেণ্ডক পৰাস্ত কৰি পাকিস্তানে শৃংখলাৰ সমতা স্থাপন কৰে। এই জয়ৰ ফলস্বৰূপে পাকিস্তানৰ অধিনায়কগৰাকীয়ে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।
আয়াৰলেণ্ডৰ বিৰুদ্ধে বাবৰৰ এই জয় আছিল টি-২০ত ৪৫ সংখ্যক জয়। বিশ্ব ক্ৰিকেটত ইমানবোৰ টি-২০ মেচত কোনো অধিনায়কে জয়ী হোৱা নাই। বাবৰে ইমান দিনে উগাণ্ডাৰ অধিনায়ক ব্রায়ান মাছাবাৰ সৈতে যৌথভাৱে এই অভিলেখৰ শীৰ্ষত আছিল। মাছাবাই ৫৬খন খেলৰ ভিতৰত ৪৪খন খেলত জয়লাভ কৰিছে ৷ বাবৰে ৭৮খন মেচত অধিনায়কত্ব কৰি ৪৫খন মেচত জয়লাভ কৰে।
ইংলেণ্ডৰ অধিনায়ক ইয়ন মৰ্গান এই তালিকাত তৃতীয় স্থানত আছে। ৭২খন খেলৰ ভিতৰত ৪২খন খেলত জয়লাভ কৰিছে তেওঁ । আফগানিস্তানৰ অধিনায়ক আছঘৰ আফগানে ৫২খন খেলৰ ভিতৰত ৪২খন খেলত জয়লাভ কৰিছে। ইয়াৰ পিছতে আছে ভাৰতৰ অধিনায়ক দুগৰাকী। মহেন্দ্ৰ সিং ধোনীয়ে ৭২ খন খেলৰ ভিতৰত ৪১ খন খেলত জয়লাভ কৰিছে। ৰোহিতে ৪১খন মেচতো জয়লাভ কৰিছে। অষ্ট্ৰেলিয়াৰ অধিনায়ক এৰন ফিঞ্চে ৭৬খন খেলৰ ভিতৰত ৪০খন খেলত জয়লাভ কৰিছে
দ্বিতীয়খন টি-২০ মেচত প্ৰথম বেটিং কৰি আয়াৰলেণ্ডে ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৯৩ ৰান সংগ্ৰহ কৰে। লৰ্কান টাকাৰে ৩৪টা বলত ৫১ ৰান সংগ্ৰহ কৰে। শ্বাহীন আফ্ৰিদীয়ে ৩টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ১৯টা বল বাকী থকা অৱস্থাত পাকিস্তানে মেচখনত জয়লাভ কৰে। চাৰিটা বলত শূন্য ৰাণত বাবৰ আউট হৈছিল যদিও মহম্মদ ৰিজৱান আৰু ফখৰ জামানৰ ১৪০ ৰানৰ বৰঙনিয়ে দলটোক যুঁজত ৰাখিছিল। জামানে ৭৮ ৰান সংগ্ৰহ কৰে। ৰিজৱানে ৭৫ ৰানত অপৰাজিত হৈ থাকে। শেষত আজম খানে ১০টা বলত ৩০ ৰানৰ ইনিংছ খেলে।