আজি গুৱাহাটীত উপস্থিত হ’ব ৰাজস্থান ৰয়েলছ ৷ এখন বিশেষ বিমানযোগে দলটো গুৱাহাটীত উপস্থিত হ’ব ৷ অহা ১৫ আৰু ১৯মে’ত এ চি এৰ বৰ্ষাপাৰা ষ্টেডিয়ামত দুখন মেচ খেলিব ৰাজস্থানে ৷ ১৫মে’ৰ দিনা ৰাজস্থানে পাঞ্জাৱ কিংছ আৰু ১৯ মে’ত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলিব । ইতিমধ্যে দেওবাৰে গুৱাহাটীত উপস্থিত হৈছেহি পাঞ্জাৱ কিংছ।
আজি বিয়লি পাঞ্জাৱ কিংছৰ খেলুৱৈসকলে বৰ্ষাপাৰাত অনুশীলন কৰিব। জানিব পৰামতে চেন্নাইৰ পৰা পোনে পোনে গুৱাহাটীলৈ বুলি ৰাওনা হোৱা ৰাজস্থানে আজি অনুশীলন কৰাৰ সম্ভাৱনা নাই। ইতিমধ্যে দুয়োখন মেচৰ বাবে এ চি এৰ কাৰ্যকৰ্তাসকলে সম্পূৰ্ণৰূপে সাজু কৰি তুলিছে বৰ্ষাপাৰা ষ্টেডিয়াম। দুয়োটা আলহী দলৰ উপৰি ঘৰুৱা দল ৰাজস্থানৰ বাবেও সাজু কৰিছে বিশেষ ব্যৱস্থা।
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে দুয়োখন মেচতে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি নিৱদ্ধ হৈ থাকিব অসম সন্তান ৰিয়ান পৰাগৰ ওপৰত ৷ চলিত আইপিএলত ৰিয়ানৰ প্ৰদর্শনে দেশবাসীৰ দৃষ্টি আকর্ষণ কৰিছে ৷ প্ৰতিখন মেচতে ৰাজস্থানক জয়ৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছে ৰিয়ানৰ প্ৰদর্শনে ৷ গতিকে অসম সন্তান জনৰ নিজৰ ঘৰুৱা খেলপথাৰত প্ৰদর্শন কেনেকুৱা হ’ব তাক লৈ উৎকণ্ঠিত হৈ পৰিছে ক্ৰীড়াপ্ৰেমী ৷ স্বাভাৱিকভাৱে অসমৰ দর্শকসকলৰ সন্মুখত খেলিবলৈ পোৱাটো ৰিয়ানৰ বাবেও এক সুকীয়া অভিজ্ঞতা হ’ব ৷