লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক লোকেশ ৰাহুলক খেলপথাৰত মালিক সঞ্জীৱ গোৱেংকাই ধমক দিয়াক লৈ সৃষ্টি হোৱা বিতর্ক ৫ দিনৰ ভিতৰত মৰিষণ হ’ল । যোৱা বুধবাৰৰ সেই ছবিখন সোমবাৰে নিশা সলনি হ’ল। গোৱেংকাই ৰাহুলক নিজৰ ঘৰলৈ নিশাৰ আহাৰলৈ নিমন্ত্ৰণ জনায়। মালিক গোৱেংকাই কেপ্তেইনক আলিংগন কৰি আদৰণি জনায় ৷ ছচিয়েল মিডিয়াত বিয়পি পৰিছে তেওঁলোকৰ আলিংগনৰ ছবিখন। বহুতৰ মতে খেলপথাৰত গোৱেংকাৰ ক্ষোভৰ প্ৰদৰ্শন ন্যায্য নাছিল।
উল্লেখ্য যে যোৱা বুধবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ খেলৰ অন্ত পৰাৰ পিছতে ক্ৰোধান্বিত হৈ পৰে গোৱেংকা। সেই মেচত প্ৰথম বেটিং কৰি লক্ষ্ণৌৱে ১৬৫ ৰান সংগ্ৰহ কৰে। হায়দৰাবাদে ৯.৪ অভাৰতে ১০ উইকেটত জয়লাভ কৰে।
ইয়াৰ পিছত গোৱেংকাই ৰাহুলক খেলপথাৰত ধমক দিয়া দৃশ্য ভাইৰেল হৈ পৰে ৷ তেওঁৰ আচৰণৰ পৰা স্পষ্ট হৈ পৰিছিল যে দলৰ প্ৰদর্শনত তেওঁ সুখী নহয়। পিছত গোৱেংকাই প্ৰশিক্ষক জাষ্টিন লেংগাৰৰ সৈতেও কথা পাতিছিল। খেলপথাৰত সকলোৰে সন্মুখত ৰাহুলক ‘অপমান’ কৰাৰ যুক্তিৰ ওপৰতো প্ৰশ্ন উত্থাপন হয়।