অসম-মেঘালয় সীমান্তত থকা বহুকেইখন গাৰো গাঁও মেঘালয়ৰ অন্তৰ্ভূক্ত হ’ব নেকি, এনে ধৰণৰ এক প্ৰশ্ন বৰ্তমান সময়ত উত্থাপিত হৈ আছে। পিছে কোনো পৰিস্থিতিতেই অসমৰ মাটি মেঘালয়ৰ লগত চামিল হ’বলৈ নিদিয়ে অসমৰ গাৰো ৰাইজে।
এই পৰিপ্ৰেক্ষিততে শুকুৰবাৰে বকো আৰক্ষী থানাৰ অন্তৰ্গত ছয়গাঁও সমষ্টিৰ শান্তিপুৰত এক বিশাল জনসভাৰ আয়োজন কৰে গাৰো জনগোষ্ঠীয় নেতৃত্ব তথা ৰাইজে। গাৰো জাতীয় পৰিষদ, সদৌ অসম গাৰো গাঁওবুঢ়া সংঘইও এই প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰে।
গাৰো ৰাইজ কোনো পৰিস্থিতিতেই মেঘালয়ৰ অন্তৰ্ভূক্ত হ’ব নিবিচাৰে। প্ৰতিবাদকাৰীয়ে মন্তব্য কৰে যে তেঁওলোকে অসমৰ এক ইঞ্চি ভূমিও মেঘালয়ক এৰি নিদিয়ে। তেঁওলোক অসমৰ ভূমিপুত্ৰ। গতিকে অসমৰ গাৰো অসমতেই থাকিব বুলিও মন্তব্য কৰে একাংশ প্ৰতিবাদকাৰীয়ে।
আনহাতে উপস্থিত সংগঠনৰ নেতৃবৰ্গই গাৰো স্বায়ত্ব শাসনৰ দাবী উত্থাপন কৰে। গাৰো ৰাইজক অসমত থকাৰ সুবিধা লাগে। প্ৰতিবাদকাৰীয়ে মেঘালয় চৰকাৰক সকিয়নী দিয়ে ভৱিষ্যতে যেন অসমৰ মাটি অধিকাৰ কৰিবলৈ তেঁওলোক আগবাঢ়ি নাহে। অসমক মাটিক লৈ কোনো চক্ৰান্ত নচলিব বুলিও উপস্থিত সকলে মন্তব্য কৰে।
প্ৰতিবাদকাৰীসকলে আপত্তি কৰে যে প্ৰশাসনে কথাটো গুৰুত্বসহকাৰে বিবেচনা কৰা নাই। গাৰো ৰাইজক উন্নয়ন আৰু সুবিধা লাগে। অন্য জাতিবিলাকক যিহেতু স্বায়ত্ব শাসিত পৰিষদ দিয়া হ’ল সেয়ে তেঁওলোককো স্বায়ত্ব শাসিত পৰিষদ লাগে।
নেতৃবৰ্গৰ প্ৰধান দাবী স্বায়ত শাসিত পৰিষদ। অৱশ্যে অসম-মেঘালয় সীমান্তকলৈ চলি থকা সংঘাতৰ অন্ত দুয়োখন চৰকাৰে কিদৰে সমাধান কৰে সেয়া অনাগত সময়তহে লক্ষণীয় হ’ব।