আই পি এল শেষ হোৱাৰ পিছতহে ভাৰতে টি-২০ বিশ্বকাপ খেলিবলৈ আমেৰিকালৈ যাব। ৫ জুনত ভাৰতৰ প্ৰথমখন খেল। ফলত বিশ্বকাপৰ পূৰ্বে ভাৰতে মাত্ৰ এখন ৱাৰ্ম আপ মেচহে খেলিব পাৰিব। আন সময়ত কমেও দুখন ৱাৰ্ম আপ মেচ খেলে ভাৰতে ।
ভাৰতে মাত্ৰ এখন ৱাৰ্ম আপ মেচ খেলাৰ কাৰণ জানিব পৰা হোৱা নাই। এটা ৱেবছাইটত দাবী কৰা হৈছে যে এই মেচখন নিউয়ৰ্কত হ’ব। বিশ্বকাপৰ আয়োজক আই চি চি আৰু ক্ৰিকেট ৱেষ্ট ইণ্ডিজে ভাৰতে ফ্ল’ৰিডাত ৱাৰ্ম আপ মেচ খেলাটো বিচাৰিছিল।
কিন্তু আই পি এলৰ ভাগৰুৱা আৰু বিধ্বস্ত ক্ৰিকেটাৰসকলে কেৱল এখন মেচ খেলাৰ বাবে ফ্ল’ৰিডালৈ যাব বিচৰা নাছিল। গতিকে মেচখন নিউয়ৰ্কত অনুষ্ঠিত হ’ব ৷ কাৰ বিৰুদ্ধে কেতিয়া হ’ব মেচখন, এতিয়াও জানিব পৰা হোৱা নাই। আইচিচিৰ দাবী, শীঘ্ৰে এই সূচী প্ৰকাশ কৰা হ’ব। বাণিজ্যিক কাৰণত ভাৰতৰ ৱাৰ্ম আপ মেচবোৰ সদায় বেছি আগ্ৰহৰ বিষয়। এইবাৰো সেই সুযোগ হেৰুৱাব বিচৰা নাই।
পাকিস্তান আৰু ইংলেণ্ডৰ বাহিৰে বাকী প্ৰায় সকলো দলেই কমেও দুখনকৈ ৱাৰ্ম আপ মেচ খেলিব। পাকিস্তান-ইংলেণ্ডে নিজৰ মাজত ছিৰিজ খেলিব। ফলত দুখন ৱাৰ্ম আপ মেচ উপলব্ধ নহ’ব। ইফালে ভাৰতীয় দলটোৱে ২১ মে’ত নিউয়ৰ্কলৈ ৰাওনা হোৱাৰ কথা আছিল। এতিয়া জনা গৈছে যে ২৫ আৰু ২৬ মে’ত দুটা ভাগত দলটোৱে নিউয়ৰ্কলৈ যাব।