ভাৰতেই নহয় এছিয়াৰ এক বৃহৎ অংশত তীব্ৰ গৰমে ব্যাহত কৰিছে স্বাভাৱিক জীৱনযাত্ৰা ৷ মৌসম ভৱনে কাইলৈৰ পৰা উত্তৰ-পশ্চিম ভাৰতত গ্ৰীষমপ্ৰৱাহৰ ভৱিষ্যৎবাণী কৰিছে।
বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত উষ্ণতা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ ফলত গ্ৰীষ্মপ্ৰৱাহৰ সম্ভাৱনা বৃদ্ধি পাইছে ৷ ভাৰতত গ্ৰীষ্মপ্ৰৱাহৰ আশংকা এপ্ৰিল মাহত ৪৫ গুণ বৃদ্ধি পাইছে ৷জলবায়ু পৰিৱৰ্তনৰ বাবে বিশ্বৰ উষ্ণতা ১.২ৰ পৰা ২ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাব পাৰে বুলি সকীয়াই দিছে ৱৰ্ল্ড ৱেদাৰ এট্ৰিবিউচন (WWA)ৰ এক নতুন প্ৰতিবেদনে। ইয়াৰ ফলত জনজীৱনত (বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলৰ) দুখ-কষ্ট বাঢ়িব বুলিও উল্লেখ কৰা হৈছে।
মালয়েছিয়া, ব্ৰিটেইন, ছুইডেন, নেদাৰলেণ্ডৰ বিভিন্ন বতৰ বিজ্ঞান গৱেষণা প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়ৰ মুঠ ১৩ গৰাকী বিজ্ঞানীয়ে এই প্ৰতিবেদন প্ৰস্তুত কৰিছে। বিজ্ঞানীসকলে জলবায়ুৰ তথ্য পৰ্যালোচনা কৰি দেখিছে যে প্ৰাক-ঔদ্যোগিক যুগৰ তুলনাত বর্তমান উষ্ণতা ১ ডিগ্ৰী চেলছিয়াছতকৈ অধিক বৃদ্ধি পাইছে।
নতুন প্ৰতিবেদনত এছিয়াৰ বিভিন্ন অঞ্চল বিশ্লেষণৰ বাবে পৃথক মাপকাঠী উল্লেখ কৰা হৈছে। পশ্চিম এছিয়াত (যেনে ছিৰিয়া, লেবানন, জৰ্ডান, পেলেষ্টাইন) তিনিদিনৰ সৰ্বোচ্চ গড় উষ্ণতা মাৰ্চ-এপ্ৰিল মাহত পোৱা যায়। ফিলিপাইনছৰ দৈনিক সৰ্বোচ্চ উষ্ণতাৰ ১৫ দিনৰ গড় পৰ্যালোচনা কৰা হয়। কিন্তু বিজ্ঞানীসকলে ভাৰত, ম্যানমাৰ, লাওছকে ধৰি দক্ষিণ এছিয়াত এপ্ৰিল মাহৰ গড় উষ্ণতাৰ বিশ্লেষণ কৰিছে। গড় সৰ্বোচ্চ উষ্ণতা ১ ডিগ্ৰী বৃদ্ধি পোৱা দেখা গৈছে। এই গ্ৰীষ্মকালতো ভাৰততো একেই ছবি প্ৰত্যক্ষ কৰা হৈছে।
প্ৰতিবেদন অনুসৰি ভাৰতত জলবায়ু পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে। ০.৮৫ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা বাঢ়িছে । ৪৫ গুণ বৃদ্ধি পাইছে গ্ৰীষ্ম প্ৰৱাহৰ আশংকা। ভৱিষ্যতে পশ্চিম এছিয়াৰ তাপমাত্ৰা আৰু অধিক বৃদ্ধি পাব বুলি বিজ্ঞানীসকলে আশংকা কৰিছে। ২০৪০ বা ২০৫০ চনত উষ্ণতা বৃদ্ধিৰ হাৰ ২ ডিগ্ৰী হ’ব পাৰে।
সাধাৰণতে এছিয়াত এপ্ৰিল মাহত উষ্ণতা বৃদ্ধি পায়। গৱেষকসকলে অনুভৱ কৰে যে শেহতীয়াকৈ (বিশেষকৈ কিছুমান চহৰত) তাপমাত্ৰা বিপুল হাৰত বৃদ্ধি পাইছে, যাৰ বাবে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দিষ্ট পৰিকল্পনাৰ প্ৰয়োজন। অতি উত্তাপৰ বাবে বিলুপ্তিৰ আশংকা থকা প্ৰজাতিৰ বাবেও সংৰক্ষণ ব্যৱস্থাৰ পৰামৰ্শ দিয়া হৈছে। অন্যথা জৈৱ বৈচিত্ৰ্যত ব্যাঘাত জন্মিব পাৰে। উল্লেখ্য যে যোৱা এপ্ৰিল মাহত গৰমৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা (অফিচিয়েল ৰিপৰ্ট অনুসৰি) বাংলাদেশত ২৮ জন, ভাৰতত ৫ জন আৰু গাজাত ৩ জন। থাইলেণ্ড, ফিলিপাইনছতো গৰমৰ বাবে প্ৰাণ হেৰুৱাইছে লোকে ৷