ভাৰতীয় ফুটবলৰ এটা যুগৰ অৱসান ঘটিল । অৱসৰ গ্ৰহণ কৰিব প্ৰসিদ্ধ ফুটবলাৰ সুনীল ছেত্ৰীয়ে। অহা ৬ জুনত যুৱ ভাৰতী ষ্টেডিয়ামত কুৱেইটৰ বিৰুদ্ধে বিশ্বকাপৰ কোৱালিফাইং মেচ খেলিব ভাৰতে। সেইখন মেচ হ’ব দেশৰ জাৰ্চিত সুনীলৰ শেষ মেচ। বৃহস্পতিবাৰে ভিডিঅ’ বাৰ্তাযোগে তেওঁ এই কথা প্ৰকাশ কৰে ৷
বৃহস্পতিবাৰে পুৱা ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ মেছেজ প্ৰকাশ কৰে সুনীলে। তেওঁ কয়- “জীৱনত এটা দিন মই কেতিয়াও পাহৰিব নোৱাৰো। যিদিনা মই প্ৰথমবাৰৰ বাবে দেশৰ জাৰ্চি পিন্ধি ভাৰতৰ হৈ খেলিছিলো। অবিশ্বাস্য অনুভৱ। কিন্তু তাৰ আগদিনা ৰাতিপুৱা জাতীয় দলৰ মোৰ প্ৰথম প্ৰশিক্ষক সুখী ছাৰ (সুখবিন্দৰ সিং) আহি মোক খবৰ দিলে যে মই প্ৰথম এঘাৰত আছো। তেতিয়া কেনেকুৱা লাগিছিল মই বুজাব নোৱাৰো।”
সুনীলে লগতে কয়, ‘যোৱা ১৯ বছৰত অসহ্য হেঁচা আৰু দেশৰ হৈ খেলাৰ আনন্দ, দুয়োটা মোৰ লগত সদায় আছে। ব্যক্তিগতভাৱে মই কেতিয়াও ভবা নাছিলো যে দেশৰ হৈ ইমানবোৰ মেচ খেলিম, ভাল হওক বা বেয়া হওক, ইমানখিনি কৰিব পাৰিম। যোৱা ডেৰ মাহ ধৰি মই তেনেকুৱা অনুভৱ কৰি আছো আৰু ইমানেই অদ্ভুত অনুভৱ হৈছে। ইয়াৰ কাৰণ মই উপলব্ধি কৰিছিলো যে পৰৱৰ্তী মেচখন মোৰ শেষ মেচ হ’ব।”
সুনীলে লগতে কয়, “যি মুহূৰ্তত মই নিজকে ক’লোঁ যে পৰৱৰ্তী মেচখন মোৰ শেষ মেচ, সেই মুহূৰ্তত স্মৃতিবোৰ মোৰ মনলৈ আহিবলৈ ল’লে ৷ফুটবলৰ কথা বহুত ভাবিবলৈ ধৰিলোঁ। এই প্ৰশিক্ষক, সেই প্ৰশিক্ষক, সেই দল, সেই ফুটবলাৰ, সেই খেলপথাৰ, সেই বিদেশী মেচ, সেই ভাল মেচ বা বেয়া মেচ, সকলো ব্যক্তিগত প্ৰদৰ্শন মোৰ চকুৰ সন্মুখত জিলিকি উঠিল।”