অসমৰ অন্যতম জনপ্ৰিয় অপেচাদাৰী নাট্যগোষ্ঠী ঈগল, গুৱাহাটীয়ে মঞ্চস্থ কৰিব ‘আঁচোৰ’ নামৰ এখনি নাট। ১৯মে’ৰ সন্ধিয়া ৫-৫৫ বজাত গুৱাহাটীৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ’ব নাটখনি ৷ নাটখনিৰ পৰিচালনা কৰিছে তপন ডেকাই ৷ আৰজু আমিনৰ সামগ্ৰিক পৰিকল্পনাৰে মঞ্চস্থ কৰিবলগীয়া নাটখনিত অসমৰ ভালেকেইগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন অভিনেতাই অভিনয় কৰিছে। তেঁওলোক হৈছে নৱজ্যোতি কাশ্যপ, পৰাগ শৰ্মা, বিৰাজ মেধি, নিৰৱ মন শইকীয়া, পৰ্ণালী শৰ্মা, ববিতা শৰ্মা, দীপক মালাকৰ আৰু ৰাখী শইকীয়া।
ইপিনে ,নাট্যগোষ্ঠীটোৱে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো উক্ত অনুষ্ঠানত অসমৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিলৈ সন্মান আগবঢ়াব ৷ প্ৰদান কৰা হ’ব ঈগল বঁটা-২০২৪। উদ্যোক্তাই জনোৱা অনুসৰি এই বৰ্ষৰ বাবে ঈগল বঁটা প্ৰদান কৰিব লগা ব্যক্তিসকল হ’ল বিশিষ্ট কবি নীলিম কুমাৰ, ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অভিনেত্ৰী মলয়া গোস্বামী, ড০ ৰঞ্জিত ডেকা, ডা০ শশাঙ্ক কুমাৰ বৰুৱা আৰু ৰাণী বৰদলৈ।
অভিনেত্ৰী মলয়া গোস্বামীক প্ৰদান কৰা হ’ব ঈগল জীৱনজোৰা সাধনা বঁটা ৷ তদুপৰি নীলিম কুমাৰলৈক ঈগল সাহিত্য বঁটা, ড০ ৰঞ্জিত ডেকাক ঈগল জ্ঞানদায়িনী বঁটা, ডা০ শশাঙ্ক কুমাৰ বৰুৱাক ঈগল জীৱনদায়িনী বঁটা আৰু ৰাণী বৰদলৈক ঈগল বিনোদন বঁটা প্ৰদান কৰা হ’ব ।