পুৰুষৰ ফেশ্বন হওক বা মহিলাৰ ফেশ্বন হওক, জিন্স সকলোতে ট্ৰেণ্ডিং হৈ আছে। জিন্স এতিয়া যুৱক-যুৱতীসকলৰ বাবে কেজুৱেল ৱেৰ। অৱশ্যে ট্ৰায়েল কোঠাৰ বাহিৰত দীঘলীয়া শাৰী পাতি থিয় হৈ জিন্স কিনি থকাটো বহুতৰে বাবে বিৰক্তিকৰ। কিন্তু ক্ৰয়ৰ সময়ত পিন্ধি নাচালে, কঁকালৰ আকাৰ ঠিক নহ’লে ঘৰলৈ উভতি অহাৰ পাছত আক্ষেপ কৰিব লগীয়া হয় । জিন্স বা ট্ৰাউজাৰ পিন্ধি চেষ্টা নকৰাকৈয়ে সঠিক আকাৰৰ কিনিব পাৰিব। তাৰ বাবে আপুনি কিছুমান সহজ উপায় জানিব লাগিব।
১. জিন্সটোৰ বুটাম মাৰি কঁকালৰ কাষেৰে ধৰি আগফালৰ পৰা বা পিছফালৰ পৰা নেকেলেচৰ দৰে ডিঙিত পেলাই দিব। যদি ট্ৰাউজাৰৰ কঁকালৰ দুটা মূৰ সঠিকভাৱে স্পৰ্শ হয়, তেন্তে আপুনি বুজিব যে জিন্সৰ আকাৰ ঠিকেই আছে। কিন্তু ‘লো’ বা ‘হাইৱেষ্ট’ জিন্স কিনাৰ সময়ত এই পদ্ধতি প্ৰযোজ্য নহয়।
২. মুঠি এটা বনাওক, তাৰ পিছত চাওক জিন্সটোৰ কঁকাল কিলাকুটিৰ পৰা মুঠিলৈকে খাপ খাই পৰিছে ,তেন্তে আপুনি বুজিব যে কঁকালৰ আকাৰ সঠিক।
৩. জিন্সৰ দৈৰ্ঘ্য সঠিক হয় নে নহয় পৰীক্ষা কৰিবলৈ ট্ৰাউজাৰৰ দুয়োফালৰ মূৰবোৰ বাহুৰ কাষেৰে টানকৈ ধৰি ৰাখক। যদি আপুনি দেখিছে যে জিন্সৰ মাজভাগ আপোনাৰ মুখৰ ঠিক তলত আছে, তেন্তে আপুনি জানিব যে আপোনাৰ জিন্সৰ দৈৰ্ঘ্য সঠিক।