টি-২০ বিশ্বকাপত ভাৰতৰ প্ৰথমখন খেল ৫ জুনত অনুষ্ঠিত হ’ব। প্ৰতিদ্বন্দ্বী হ’ব আয়াৰলেণ্ড। সেই মেচত খেলাৰ পূৰ্বে ৰোহিত শৰ্মাই মাত্ৰ এখন ৱাৰ্ম আপ মেচ খেলাৰ সুযোগ পাব। সেই মেচ হ’ব বাংলাদেশৰ বিৰুদ্ধে। যোৱা টি-২০ বিশ্বকাপৰ দুই ফাইনেলিষ্ট পাকিস্তান আৰু ইংলেণ্ডে কোনো ধৰণৰ ৱাৰ্ম আপ মেচ খেলিব নোৱাৰিব। নিউজিলেণ্ডৰো কোনো প্ৰস্তুতিৰ মেচ নাই।
১৬খন ৱাৰ্ম আপ মেচৰ তালিকা ঘোষণা কৰিছে আইচিচিয়ে। এই মেচসমূহ অৱশ্যে আন্তঃৰাষ্ট্ৰীয় মেচ হিচাপে তালিকাভুক্ত কৰা হোৱা নাই। গতিকে প্ৰতিটো দলে নিজৰ ১৫ জন খেলুৱৈক খেলিবলৈ সুযিগ দিব পাৰিব ৷
১ জুনত আমেৰিকাত বাংলাদেশৰ বিৰুদ্ধে ভাৰতে খেলিব। অৱশ্যে কোনখন খেলপথাৰ মেচ অনুষ্ঠিত হ’ব সেয়া এতিয়াও ঘোষণা কৰা হোৱা নাই। ২৬ মে’ত আই পি এল শেষ হোৱাৰ পাছত ভাৰতীয় দলটোৱে আমেৰিকালৈ গৈ বিশ্বকাপ খেলিব।
বিশ্বকাপৰ ঠিক আগতে পাকিস্তান আৰু ইংলেণ্ডে তিনিখন খেলৰ টি-২০ শৃংখলা খেলিছে। সেইবাবেই তেওঁলোকক কোনো ধৰণৰ ৱাৰ্ম আপ মেচ দিয়া হোৱা নাই। নিউজিলেণ্ডে এপ্ৰিল মাহত পাকিস্তানৰ বিৰুদ্ধে টি-২০ শৃংখলা খেলিছিল। গতিকে তেওঁলোককো কোনো ধৰণৰ ৱাৰ্ম আপ মেচ দিয়া নহ’ল।
আনহাতে ভাৰতে এখন ৱাৰ্ম আপ মেচ খেলিব, কিছুমান দলে দুখন ৱার্ম আপ মেচ খেলিব। সেই সিদ্ধান্ত অনুসৰি আই চি চিয়ে এই সূচী প্ৰস্তুত কৰিছিল।
প্ৰস্তুতিৰ মেচৰ তালিকা:
২৭ মে’—
কানাডা বনাম নেপাল
ওমান বনাম পাপুয়া নিউ গিনি
নামিবিয়া বনাম উগাণ্ডা
২৮ মে’—
শ্ৰীলংকা বনাম নেদাৰলেণ্ড
বাংলাদেশ বনাম আমেৰিকা
অষ্ট্ৰেলিয়া বনাম নামিবিয়া
২৯ মে’—
দক্ষিণ আফ্ৰিকাই নিজৰ দলৰ ভিতৰতে খেলিব
আফগানিস্তান বনাম ওমান
৩০ মে’—
নেপাল বনাম আমেৰিকা
স্কটলেণ্ড বনাম উগাণ্ডা
নেদাৰলেণ্ড বনাম কানাডা
নামিবিয়া বনাম পাপুয়া নিউ গিনি
ৱেষ্ট ইণ্ডিজ বনাম অষ্ট্ৰেলিয়া
৩১ মে’—
আয়াৰলেণ্ড বনাম শ্ৰীলংকা
স্কটলেণ্ড বনাম আফগানিস্তান
১ জুন—
ভাৰত বনাম বাংলাদেশ