টি-২০ বিশ্বকাপত এক নম্বৰ বেটছমেন হিচাপে খেলিব সূৰ্যকুমাৰ যাদৱে। আই চি চি টি-২০ ৰেংকিঙত বেটছমেনৰ ভিতৰত শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে সূৰ্যকুমাৰে। আই পি এলত বেয়া খেলা সত্ত্বেও আই চি চিৰ অল ৰাউণ্ডাৰ ৰেংকিঙতো হাৰ্দিক পাণ্ডিয়াৰ স্থান ভাল।
নতুন তালিকাত বেটছমেনৰ শীৰ্ষত থকা সূৰ্য্যৰ ৰেটিং ৮৬১। দ্বিতীয় স্থানত আছে ইংলেণ্ডৰ ফিল ছল্ট। তেওঁৰ ৰেটিং হৈছে ৮০২। আই পি এলতো তেওঁ কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ ভাল খেলিছিল। তিনি নম্বৰত আছে পাকিস্তানৰ মহম্মদ ৰিজৱান। ৰিজৱানৰ সতীৰ্থ বাবৰ আজমৰ স্থান চাৰি নম্বৰ। তেওঁলোকৰ ৰেটিং ক্ৰমে ৭৮১ আৰু ৭৬১। পঞ্চম স্থানত আছে দক্ষিণ আফ্ৰিকাৰ আইডেন মাৰ্কৰাম। তেওঁৰ ৰেটিং হৈছে ৭৫৫। শীৰ্ষ দহৰ ভিতৰত আছে আৰু এজন ভাৰতীয় বেটছমেন। ভাৰতৰ অ’পেনাৰ যশস্বী জয়ছোৱাল ৭১৪ ৰেটিংৰে ষষ্ঠ স্থানত আছে।
টি-২০ত অল ৰাউণ্ডাৰৰ তালিকাৰ শীৰ্ষত আছে ছাকিব আল হাছান। তেওঁৰ ৰেটিং হৈছে ২২৮। কিন্তু এতিয়া তেওঁ অকলে শীৰ্ষত নাই। বাংলাদেশী ক্ৰিকেটাৰগৰাকীক স্পৰ্শ কৰিলে শ্ৰীলংকাৰ ৱানিন্দু হাছৰংগাই। তেওঁৰ ৰেটিংও ২২৮। তিনি নম্বৰ স্থানত আছে মহম্মদ নবী। আফগান ক্ৰিকেটাৰজনৰ ৰেটিং হৈছে ২১৮। চতুৰ্থ স্থানত আছে জিম্বাবুৱেৰ চিকন্দাৰ ৰাজা। তেওঁৰ ৰেটিং হৈছে ২১০। মাৰ্কৰাম পাঁচ নম্বৰত আছে। তেওঁৰ ৰেটিং হৈছে ২০৫। এই তালিকাৰ একমাত্ৰ ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক। ১৮৫ ৰেটিংৰে তেওঁ সপ্তম স্থানত আছে। কিন্তু যোৱা বছৰ তেওঁ বহুদিন আঘাতৰ বাবে খেলপথাৰৰ বাহিৰত আছিল। আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পাছতো আই পি এলত বৰ ভাল খেলিব পৰা নাছিল। কিন্তু আইচিচিৰ ৰেংকিঙত হাৰ্দিক শীৰ্ষ দহৰ ভিতৰত আছে।
বলাৰৰ তালিকাৰ শীৰ্ষত আছে ইংলেণ্ডৰ আদিল ৰছিদ। তেওঁৰ ৰেটিং হৈছে ৭২৬। দ্বিতীয় স্থানত হাছৰংগা। তেওঁৰ ৰেটিং হৈছে ৬৮৭। ৱেষ্ট ইণ্ডিজৰ আকিল হোছেইন ৬৬৪ ৰেটিংৰে তৃতীয় স্থানত আছে। এই তালিকাত আছে দুগৰাকী ভাৰতীয় ক্ৰিকেটাৰ। চতুৰ্থ স্থানত থকা অক্ষৰ পেটেলৰ ৰেটিং হৈছে ৬৬০। ষষ্ঠ স্থানত আছে ৰবি বিষ্ণোই। তেওঁৰ ৰেটিং হৈছে ৬৫৯। একে ৰেটিংৰে পঞ্চম স্থানত আছে শ্ৰীলংকাৰ মহিষ থিক্ষনা।