ব্যক্তিগত জীৱন যিমানেই সংঘাত নহওক কিয়, কান চলচ্চিত্ৰ মহোৎসৱত মঞ্চত ইয়াৰ প্ৰভাৱ পৰিবলৈ নিদিলে অভিনেত্ৰী তথা প্ৰাক্তন বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায় বচ্চনে। কানত মঞ্চত উঠাৰ আগতে ৰেড কাৰ্পেটত খোজ কঢ়াৰ পৰম্পৰা ৰক্ষা কৰি পুনৰ দেখা গ’ল ঐশ্বর্য্যক ৷ কিন্তু এইবাৰ তেওঁ চর্চিত হৈছে আন কাৰণতো ৷ কানৰ ৰেড কার্পেটত খোজ কঢ়াৰ সময়ত দেখা গৈছিল সোঁহাতত প্লাষ্টাৰ ৷ তেনেকৈয়ে তেওঁ ভূমুকি মাৰিছিল কানৰ ৰেড কার্পেটত ৷ কিন্তু কেনেদৰে তেওঁ আঘাতপ্ৰাপ্ত হ’ল সেই বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই ৷কন্যা আৰাধ্যাৰ সৈতে কানত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ পূৰ্বে বুধবাৰে মুম্বাই বিমানবন্দৰত ঐশ্বর্য্যৰ হাতৰ প্লাষ্টাৰ পৰিলক্ষিত হৈছিল ৷
কান চলচ্চিত্ৰ মহোৎসৱত তেওঁ কেনে সাজ-পোছাক পৰিধান কৰিব সেই বিষয়ে অনুৰাগীসকল সদায় আগ্ৰহী হৈ থাকে । এইবাৰ ঐশ্বৰ্যই সাজ-পোছাক ডিজাইনাৰ ফাল্গুণী শ্বেন পিককৰ ক’লা ৰঙৰ ‘কৰ্চেট’ গাউন পৰিধান কৰে ৷ কাণত পৰিধান কৰিছিল সোণালী ৰঙৰ “হুপ” ফুলি ৷ চিকচিকিয়া মেকআপ আৰু ‘হাফ টাই’ চুলিৰে ঐশ্বৰ্যই পুনৰ ৰেড কার্পের্টত সকলোৰে দৃষ্টি আকর্ষন কৰিবলৈ সক্ষম হয় ৷