বৰ্তমানৰ আই পি এলত নিজৰ প্ৰদর্শনেৰে উজলি উঠিছে অভিষেক শৰ্মাই। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ এই বাওঁহাতৰ অ’পেনাৰ জনে ভংগ কৰিলে বিৰাট কোহলিৰ ৮ বছৰীয়া নজিৰ ।
তেওঁ পঞ্জাব কিংছৰ বিৰুদ্ধে ২৮ বলত ৬৬ ৰানৰ ইনিংছ খেলিছিল। তেওঁ মাত্ৰ ২১টা বলত অৰ্ধশতক অৰ্জন কৰে। এই বাওঁহতীয়া বেটছমেনজনে ইনিংছত ৫টা ছিক্স কোবাই ৷ অভিষেকে এই ছিজনত মুঠ ৪১টা ছিক্স কোবাইছে ৷ তেওঁ আই পি এলৰ ইতিহাসত এটা ছিজনত সৰ্বাধিক ছয় সংগ্ৰহ কৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়।
ইয়াৰ পূৰ্বে এই অভিলেখ কোহলিৰ হাতত আছিল। ২০১৬ চনত তেওঁ ৩৮টা ছিক্স কোবাইছিল। অৱশ্যে এই ছিজনত কোহলিয়ে নিজৰ অভিলেখ ভংগ কৰিব পাৰে। এই ছিজনত এতিয়ালৈকে কোহলীয়ে ৩৭টা ছিক্স কোবাইছে ৷ অৰ্থাৎ প্লে অফত এলিমিনেটৰত ২টা ছিক্স কোবালে বিৰাটে নিজৰ অভিলেখ ভংগ কৰিব।
ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা ছিজনত সৰ্বাধিক ছিক্সৰ ৰেকৰ্ড গঢ়িছে ক্ৰীছ গেলে। ২০১২ চনত তেওঁ ৫৯টা ছয় কৰিছিল। ২০১৩ চনত ৫১টা ছয় আৰু ২০১১ চনত ৪৪টা ছিক্স কোবাই ৷গেইলৰ পিছতে আছে কলকাতা নাইট ৰাইডাৰ্ছৰ আন্দ্ৰে ৰাছেল। ২০১৯ চনত তেওঁ ৫২টা ছিক্স কোবাইছিল ৷ ইংলেণ্ডৰ জোছ বাটলাৰে ২০২২ চনত ৪৪টা ছিক্স কোবাইছিল ৷
অভিষেকে এই ছিজনত ১৩খন মেচত ৪৬৭ ৰান সংগ্ৰহ কৰে। তেওঁ গড়ে ৩৮.৯২ আৰু ষ্ট্ৰাইক ৰেট ২০৯.৪১ ৰান সংগ্ৰহ কৰে। অভিষেকে তিনিটা অর্ধশতক অৰ্জন কৰে। হায়দৰাবাদৰ প্লে অফ দৌৰৰ আঁৰত তেওঁ মুখ্য ভূমিকা পালন কৰিছিল।