একেৰাহে চতুর্থবাৰৰ বাবে প্ৰিমিয়াৰ লীগ জয় কৰিলে মানচেষ্টাৰ চিটিয়ে ৷ আৰ্চেনালে দ্বিতীয় স্থান দখল কৰে। অন্তিমখন খেলৰ পূৰ্বে পইণ্ট টেবুলত মান চিটিৰ পৰা ২ পইণ্ট পিছ পৰি আছিল আৰ্চেনাল। চিটিৰ অন্তিমখন খেল আছিল ৱেষ্ট হাম ইউনাইটেডৰ বিৰুদ্ধে। আনহাতে, আৰ্চেনালৰ অন্তিমখন খেল আছিল এভাৰটনৰ বিৰুদ্ধে। চিটিয়ে এটা পইণ্ট হেৰুৱালেহে আৰ্চেনালে খিতাপ জয় কৰাৰ সুযোগ পাইছিল।
ৱেষ্ট হামৰ বিৰুদ্ধে চেম্পিয়নৰ দৰে খেল আৰম্ভ কৰিছিল মানচেষ্টাৰ চিটিয়ে। ২ আৰু ১৮ মিনিটত ফিল ফ’ডেনে গ’ল দিয়ে। আনহাতে, ইদ্ৰিছা গুৱেৰেৰ গ’লেৰে ৪০ মিনিটৰ পাছত আৰ্চেনালৰ বিৰুদ্ধে এভাৰটনে অগ্ৰগতি লাভ কৰে। আৰ্চেনালৰ ওপৰত চাপ বাঢ়িবলৈ ধৰে। অৱশ্যে ৪৩ মিনিটৰ পাছত টাকেহিৰো টমিয়াছুৱে আৰ্চেনালৰ হৈ সমতা স্থাপন কৰে। আনহাতে, চিটিৰ বিৰুদ্ধে মহম্মদ কুদুছে এটা গ’ল দিয়ে।
মানচেষ্টাৰ চিটি আতংকিত নহ’ল। বিৰতিৰ পাছত ৫৯ মিনিটত ৰড্ৰিয়ে দলটোৰ হৈ তৃতীয়টো গ’ল দিয়ে। তাৰ পিছত ৱেষ্ট হামে ঘূৰি আহিব নোৱাৰিলে। আনহাতে, ৮৯ মিনিটত কাই হাভাৰ্টজৰ গ’লেৰে আৰ্চেনালে জয়লাভ কৰে।
যদি দুয়োটা দলে জয়ী হয় তেন্তে পইণ্টৰ পাৰ্থক্য একেই থাকে। ৩৮খন মেচৰ অন্তত ৯১ পইণ্টেৰে অন্ত পেলায় চিটিয়ে। আৰ্চেনালে ৮৯ পইণ্ট লাভ কৰে ।