বিগত ১৯মে’ত গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ বৰষুণৰ বাবে পৰিত্যক্ত হয় ৷ইয়াৰ পাছতে আজি আই পি এল কৰ্তৃপক্ষই ঘোষণা কৰিছে যে দর্শকৰ টিকটৰ মূল্য ওভতাই দিয়া হ’ব ৷
আই পি এল কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি বুধবাৰৰ পৰা দৰ্শকসকলক টিকটৰ সম্পূৰ্ণ মূল্য উভতাই দিয়া প্ৰক্ৰিয়া আৰম্ভ হ’ব। এই প্ৰক্ৰিয়া দুটা পৰ্যায়ত সম্পূর্ণ কৰা হ’ব। যিসকল দৰ্শকে অফলাইন প্ৰক্ৰিয়াৰে টিকট ক্ৰয় কৰিছিল, তেঁওলোকে নিৰ্দিষ্ট টিকট কাউণ্টাৰসমূহৰ পৰা টিকটৰ মূল্য সংগ্ৰহ কৰিব পাৰিব। আনহাতে, যিসকলে অনলাইযোগে টিকট সংগ্ৰহ কৰিছিল তেঁওলোকে বুক মাই শ্ব’ৰ এপ অথবা ৱেবচাইটযোগে টিকটৰ মূল্য উভতাই পাব।
উল্লেখ্য যে বৰষুণে বিধি-পথালি দিয়া বাবে বৰ্ষাপাৰাত অনুষ্ঠিত হোৱা নাছিল কলকাতা আৰু ৰাজস্থানৰ হাইভ’ল্টেজ মেচখন। তথ্য অনুসৰি উক্ত মেচখন উপভোগ কৰাৰ বাবে অনলাইন আৰু অফলাইনযোগে সৰ্বমুঠ ৩৭,৮০০ টিকট বিক্ৰী হৈছিল। অৰ্থাৎ আই পি এল কৰ্তৃপক্ষই প্ৰায় ১৩০ কোটি টকাৰ ব্যৱসায় কৰিছিল কেৱল টিকটৰ জৰিয়তে।