বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰাৰ লগতে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ভাৰতৰ এথলীট দীপ্তি জীৱনজীয়ে ৷ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত মহিলাৰ টি-২০ শাখাত চেম্পিয়ন হয় দীপ্তি। দীপ্তিয়ে ৫৫.০৭ ছেকেণ্ডত দৌৰ সমাপ্ত কৰে।
দেওবাৰে নিজৰ হিটত ৫৬.১৮ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছিল দীপ্তিয়ে। তেওঁ এছিয়ান অভিলেখ গঢ়িছিল। লগে লগে পদক লাভ প্ৰায় নিশ্চিত হৈছিল ৷ তেওঁ বিশ্ব অভিলেখৰে বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত স্বৰ্ণ পদক লাভ কৰে। আমেৰিকাৰ ব্রায়ানা ক্লার্কে যোৱা বছৰ বিশ্ব চেম্পিয়নশ্বিপত ৫৫.১২ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি বিশ্ব অভিলেখ গঢ়িছিল৷ এবছৰৰ অন্তত ভাৰতৰ বিশেষভাৱে সক্ষম খেলুৱৈগৰাকীয়ে বিশ্ব অভিলেখ গঢ়ি তোলে । ফাইনেলত ৫৫.১৯ ছেকেণ্ড সময়েৰে ৰূপৰ পদক লাভ কৰে তুৰস্কৰ আইচেল এণ্ডাৰে। ইকুৱেডৰৰ লিজানশ্বেলা এংগুলে ৫৬.১৮ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। মন কৰিব যে টি-২০ শিতান বৌদ্ধিকভাৱে অক্ষম খেলুৱৈৰ বাবে অনুষ্ঠিত কৰা হয় ।
সোণৰ উপৰিও ভাৰতে অধিক পদক লাভ কৰিছে। পুৰুষৰ ডিস্কছ থ্ৰ’ এফ ৫৬ শাখাত যোগেশ কথুনিয়াই ৰূপৰ পদক লাভ কৰে। তেওঁ ৪১.৮০ মিটাৰ দূৰত্বত ডিস্কছ নিক্ষেপ কৰে। থিয় হৈ থকাৰ সমস্যা বা ভৰি কাটি পেলোৱা প্ৰতিযোগীৰ বাবে অনুষ্ঠিত হয় এফ ৫৬ শিতান। এই শিতানৰ প্ৰতিযোগীসকলে হুইল চেয়াৰত বহি ডিস্কছ নিক্ষেপ কৰিবলগীয়া হয়। বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে এতিয়ালৈকে এটা সোণ, এটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছে। দেওবাৰে পুৰুষৰ হাই জাম্প টি৪৭ শাখাত ৰূপৰ পদক লাভ কৰে নিশাদ কুমাৰে। মহিলাৰ টি৩৫ ২০০ মিটাৰত ব্ৰঞ্জৰ পদক লাভ কৰে প্ৰীতি পালে।