মঙলবাৰে আই পি এলৰ প্ৰথমখন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ফাইনেলত প্ৰৱেশৰ যুঁজ দিব কলকাতা নাইট ৰাইডার্ছে। আজিৰ মেচৰ পূর্বে কেইবাটায়ো বিষয়ক লৈ চিন্তিত হৈ পৰিছে কলকাতা ৷
কে কে আৰ শিবিৰক চিন্তিত কৰা প্ৰথম কথাটো হ’ল সফল ওপেনিং যুটিটোৰ বিচ্ছেদ। সুনীল নাৰাইন আৰু ফিল ছল্টৰ যুটিয়ে এইবাৰ বেছিভাগ মেচতে কেকেআৰৰ ইনিংছক সুদৃঢ় ভিত্তিত থিয় কৰাইছে। ছল্ট ঘৰলৈ উভতি যোৱাৰ লগে লগে সফল ওপেনিং যুটিটো ভাঙি গৈছে।
ইপিনে লীগত কেকেআৰৰ শেষৰ দুখন মেচত বৰষুণৰ বাবে এটাও বল খেলিব পৰা নাছিল। ১১ মে’ত ইডেন গাৰ্ডেনত অনুষ্ঠিত মুম্বাই ইণ্ডিয়ানছৰ খেলখনৰ পিছত পুনৰ খেলিব নোৱাৰিলে শ্ৰেয়াছৰ দলে । ইমান দিন খেলিব নোৱাৰাটোৱে ক্ৰিকেটাৰৰ ফৰ্মত প্ৰভাৱ পেলাব পাৰে। প্লে অফৰ পূৰ্বে কেকেআৰে প্ৰয়োজনীয় পৰীক্ষাৰ সুযোগো নাপালে। গতিকে এই পৰ্যায়ত যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাত দলটোৱে অসুবিধা পাব পাৰে।
তৃতীয় চিন্তাটো হ’ল যোৱা ১০ দিনত দলটোৱে অত্যধিক ভ্ৰমণ কৰিবলগীয়া হৈছিল। কলকাতাৰ পৰা আহমেদাবাদলৈ। তাৰ পৰা কলকাতালৈ। আকৌ কলকাতাৰ পৰা গুৱাহাটীলৈ। তাৰ পৰা আকৌ আহমেদাবাদ। যিহেতু মেচ খেলাৰ কোনো সুযোগ নথকাৰ বাবে অনুশীলন ব্যাহত হৈ পৰে। সঘনাই ভ্ৰমণৰ ফলত ভাগৰুৱা হৈ পৰে ক্ৰিকেটাৰসকল ।
এই তিনিটা কথাই হায়দৰাবাদৰ বিৰুদ্ধে খেলপথাৰলৈ নমাৰ পূৰ্বে কেকেআৰ শিবিৰক চিন্তিত কৰি তুলিছে ৷কলকাতাৰ বাবে আন এক উদ্বেগ হ’ল পেট কামিন্সৰ দলৰ অপেনিং যুটী ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মা ৷ নীতিশ কুমাৰ ৰেড্ডী, হাইনৰিচ ক্লাচেনৰ দৰে বেটছমেনো ফৰ্মত আছে। পুনৰ কামিন্সৰ বাহিৰে বলাৰসকলৰ মাজত টি নটৰাজনে প্ৰায় প্ৰতিখন মেচতে বিপক্ষৰ বেটছমেনক অশান্তি দি আহিছে।
প্ৰতিদ্বন্দ্বী হিচাপে হায়দৰাবাদ একেবাৰেই সহজ নহয়। লগতে কেকেআৰ শিবিৰৰ কেইবাটাও বিষয় আছে যিবোৰ যোৱা ১০ দিনত ইয়াৰ বিৰুদ্ধে গৈছে। স্বাভাৱিকতে পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰি প্লে অফত প্ৰৱেশ কৰা কেকেআৰে মঙলবাৰে আহমেদাবাদৰ ২২ গজত কঠিন পৰীক্ষাৰ সন্মুখীন হ’ব পাৰে।