টি-২০ বিশ্বকাপৰ পূৰ্বে বাংলাদেশৰ ক্ৰিকেট দল উপস্থিত হৈছে আমেৰিকাত ৷বিশ্বকাপৰ পূর্বে ছাকিব আল হাছানৰ দলটোৱে আমেৰিকাৰ বিৰুদ্ধে খেলি প্ৰস্তুতি চলাইছে। কিন্তু শৃংখলাৰ প্ৰথমখন টি-২০ মেচত পৰাস্ত হয় বাংলাদেশ।
মঙলবাৰে বাংলাদেশৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ কৰে আমেৰিকাই। টি-২০ ছিৰিজৰ প্ৰথমখন মেচ আছিল হিউষ্টনত। মনক পেটেলৰ নেতৃত্বত সেই মেচখনত আমেৰিকাই জয়লাভ কৰিছিল। প্ৰথমে বেটিং কৰি বাংলাদেশে ২০ অভাৰত মাত্ৰ ১৫৩ ৰানহে সংগ্ৰহ কৰে।
বাংলাদেশৰ ১৫৩ ৰান যথেষ্ট নাছিল। টিম আমেৰিকাত আছে ক’ৰি এণ্ডাৰছনৰ দৰে ক্ৰিকেটাৰ। নিউজিলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে এতিয়া আমেৰিকাৰ হৈ খেলিছে । তেওঁ ২৫টা বলত ৩৪ ৰান সংগ্ৰহ কৰি বাংলাদেশক পৰাস্ত কৰাত গুৰুত্বপূর্ণ ভূমিকা লয় । হৰমিত সিঙে তেওঁক সংগ দিয়ে । তেওঁ ১৩টা বলত ৩৩ ৰান সংগ্ৰহ কৰে। আমেৰিকাৰ হৈ খেলাৰ পূর্বে হৰমিতে মুম্বাই আৰু ত্ৰিপুৰাৰ হৈ ৰঞ্জি খেলিছিল ৷ লগতে আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিল তেওঁ । ৩১ বছৰীয়া অল ৰাউণ্ডাৰগৰাকীয়ে ভাৰতৰ হৈ ১৯ বছৰ অনুৰ্ধ দলতো খেলিছিল। তিনিটা বল বাকী থকা অৱস্থাত হৰমিত আৰু এণ্ডাৰছনে বাংলাদেশক পৰাস্ত কৰে।