আন এক আই পি এলত ব্যৰ্থ হ’ল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু। এইবাৰো ট্ৰফীৰ দৌৰৰ পৰা বাহিৰ হ’ল বেংগালুৰু ৷ চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰি বিৰাট কোহলিয়ে প্লে অফত স্থান লাভ কৰে যদিও এলিমিনেটৰত ৰাজস্থান ৰয়েলছৰ হাতত পৰাস্ত হয়। ইয়াৰ লগে লগে আৰ চি বিয়ে এক লজ্জাজনক অভিলেখ গঢ়িলে।
প্লে অফত সৰ্বাধিক মেচত পৰাজয় হোৱা দলৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে বেংগালুৰুৱে। ২০০৮ চনৰ পৰা আই পি এল খেলি আছে বেংগালুৰুৱে। প্রতিযোগিতাৰ আৰম্ভনিৰ পৰাই খেলি অহা দলটোৱে প্লে অফত ১৬খন খেল খেলিছে৷ য’ত ১০ বাৰ পৰাস্ত হৈছে ৷বেংগালুৰুৰ বাহিৰে আন কোনো দলে প্লে অফত ইমান মেচত পৰাস্ত হোৱা নাই।
লীগ পৰ্যায়ৰ অন্তিমখন খেলত চেন্নাইক পৰাস্ত কৰি বেংগালুৰুৱে নেট ৰান ৰেটত পিছ পৰি ৰৈছে। সেই জয়ৰ ওপৰত অনুৰাগীসকলে দলটোৰ প্ৰতি নতুন আশা দেখিছিল । কিন্তু এইবাৰৰ আই পি এলত প্ৰথম আঠখন খেলৰ ভিতৰত ৭খন খেলত পৰাস্ত হোৱা বেংগালুৰুৱে প্লে অফৰ প্ৰথমখন মেচত পৰাজয়ৰ পাছত ওলাই আহিছিল।
প্লে অফত পৰাজিত মেচৰ তালিকাত বেংগালুৰুৰ পিছতে আছে চেন্নাই। ২৬খন খেলৰ ভিতৰত ৯ খন খেলত পৰাস্ত হৈছে চেন্নাই । তেওঁলোকতকৈ বেছি প্লে অফ মেচ আন কোনো দলে খেলা নাই। ১১খন খেলৰ ভিতৰত ৯খন খেলত পৰাস্ত হয় দিল্লী কেপিটেলছ। ২০খন খেলৰ ভিতৰত ৭খন খেলত পৰাস্ত হয় মুম্বাই ইণ্ডিয়ানছ। ছানৰাইজাৰ্ছ হায়দৰাবাদে ১২খন খেলৰ ভিতৰত ৭খন খেলত পৰাস্ত হৈছে প্লে অফ পর্যায়ত ।