অলিম্পিক দলত সুযোগ নাপালে দীপা কৰ্মকাৰে। কিন্তু অলিম্পিকৰ পূৰ্বে তেওঁ জিমনাষ্টিকছত ইতিহাস ৰচনা কৰে । তেওঁ এছিয়ান চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।
দেওবাৰে তাছকেন্দত অনুষ্ঠিত জিমনাষ্টিকছ ভল্ট ফাইনেলত ৩০ বছৰীয়া দীপাই সোণৰ পদক লাভ কৰে। ফাইনেলত দীপাই গড় হৈছে ১৩.৫৬৬ ৰান ৷ উত্তৰ কোৰিয়াৰ দুগৰাকী প্ৰতিযোগীক পৰাস্ত কৰি তেওঁ এই কৃতিত্ব লাভ কৰিছিল। দ্বিতীয় স্থান দখল কৰি কিম ছন হাঙে ৰূপৰ পদক লাভ কৰে। তেওঁৰ গড় ১৩.৪৬৬। ব্ৰঞ্জৰ পদক লাভ কৰে জো কিউং বায়লে। তেওঁৰ গড় ১২.৯৬৬। ফাইনেলত কঠিন যুঁজৰ অন্তত দীপাই শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ।
২০১৬ চনৰ ৰিঅ’ অলিম্পিকত দীপা পদকৰ পৰা বঞ্চিত হৈছিল ৷ ২০১৬ চনৰ এছিয়ান চেম্পিয়নশ্বিপত দীপাই ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইফালে ড’প টেষ্টত দোষী সাব্যস্ত হোৱাত দীপাক শাস্তি দিয়া হৈছিল। ২১ মাহৰ বাবে তেওঁক নিৰ্বাসিত কৰা হৈছিল। যোৱা বছৰ তেওঁ নিৰ্বাসনৰ পৰা উভতি আহিছিল। এইবাৰ এছিয়ান প্ৰতিযোগিতাত তেওঁ দেশৰ নাম উজ্জ্বল কৰি তুলিলে।