অতি সহজ জয়েৰে চলিত বর্ষৰ আইপিএলত চেম্পিয়নৰ খিতাপ দখল কৰে কলকাতা নাইট ৰাইডার্ছে ৷ ইমান কম ৰানৰ লক্ষ্য অতিক্ৰম কৰি আই পি এলৰ ফাইনেলত কোনো দলেই জয়ী হোৱা নাছিল । ছানৰাইজাৰ্ছ হায়দৰাবাদক কলকাতা নাইট ৰাইডাৰ্ছে ১১৩ ৰানতে সীমাৱদ্ধ কৰি ৰাখে ৷কে কে আৰৰ বলাৰৰ অবিহনে সেয়া সম্ভৱ নহ’লহেঁতেন। গতিকে আই পি এলৰ ফাইনেলত কে কে আৰৰ জয়ৰ সকলো কৃতিত্ব বলাৰসকলৰ । টি-২০ ক্ৰিকেটত ১১৪ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ বেটছমেনসকলে বিশেষ কষ্ট কৰিব লগীয়া হোৱা নাছিল ৷ যাৰ বাবে চর্চিত হৈছে তিনি ক্ৰিকেটাৰ ৷ যাৰ বাবে কলকাতাই দখল কৰিলে আইপিএলৰ ট্ৰফী ৷
মিচেল ষ্টার্ক: আৰম্ভ কৰিছিল ষ্টার্কে । প্ৰথম অ’ভাৰতে খেলপথাৰৰ পৰা বিদায় ল’বলগীয়া হয় অভিষেক শৰ্মাই ৷ ষ্টার্কে ৩ অভাৰত ১৪ ৰানতকৈ বেছি ৰান নিদিলে। ২ টা উইকেট দখল কৰে। তেওঁৰ পাৱাৰ প্লে’ৰ অধীনত হায়দৰাবাদে বেছি ৰান কৰিব পৰা নাছিল। সেই চাপ গোটেই মেচখনতে পেট কামিন্সৰ ওপৰত পৰিছিল।
আন্দ্ৰে ৰাছেলঃ কলকাতাৰ হৈ ৰাছেলে সৰ্বাধিক উইকেট দখল কৰে। ২.৩ অভাৰত ১৯ ৰানৰ বিনিময়ত তিনিটা উইকেট দখল কৰে। প্ৰথম অভাৰতে এটা উইকেট দখল কৰে। তেওঁ শেষ উইকেটটোও লৈছিল। এডেন মাৰ্কৰামৰ উইকেটটো লয় ৰাছেলে ৷ শেষত ৰাছেলে কামিন্সৰ উইকেট দখল কৰে।
ভেংকটেশ আয়াৰঃ ফাইনেল মেচৰ আৰম্ভণিতে কলকাতাই নাৰাইনৰ উইকেট হেৰুৱাইছিল। কিন্তু কেকেআৰে সেই শ্বকটো ভেংকটেশৰ বেটিং কিক্ৰমৰ বাবে অনুভৱ কৰিব নোৱাৰিলে ।