৩৯ বছৰ বয়সতো ক্রিষ্টিয়ানো ৰোনাল্ডোৱে আকৌ এবাৰ দেখুৱাই দিলে যে তেওঁৰ গ’ল দিয়াৰ ক্ষমতা কমি যোৱা নাই৷ সুদক্ষ এই ফুটবলাৰ ৰাকীয়ে পুনৰ এবাৰ ইতিহাস ৰচনা কৰিলে। ছৌদি প্ৰ’ লীগৰ ইতিহাসত এটা ছিজনত সৰ্বাধিক গ’ল দিছে ৰোনাল্ডোৱে। সোমবাৰে লীগৰ অন্তিমখন খেলত আল নাছেৰে আল ইটেহাদক ৪-২ গ’লত পৰাস্ত কৰে। সেই মেচত ৰোনাল্ডোৱে দুটা গ’ল দিছিল। ফলত এই ছিজনত তেওঁ ৩৫টা গ’ল দিয়ে।
মৰক্কোৰ ষ্ট্ৰাইকাৰ আব্দেৰজাক হামদাল্লাই ২০১৮-১৯ ছিজনত ৩৪টা গ’ল দিছিল । সেইটোৱেই আছিল সেই ছিজনত সৰ্বাধিক গ’ল । তেতিয়াই সেই অভিলেখ ভংগ কৰিলে ৰোনাল্ডোৱে। এই ছিজনত আল নাছেৰৰ হৈ সকলো প্ৰতিযোগিতাতে ৫০টা গ’ল দিছে ৰোনাল্ডোৱে। এইবাৰ আল নাছেৰে এটা ছিজনত ১০০টাতকৈ অধিক গ’ল দিছে। তাৰ আধা অংশ ৰোনাল্ডোৰ ভৰিৰ পৰা আহিছিল।
ইতিহাস ৰচনা কৰিলে ৰোনাল্ডোৱে। চাৰিখন ভিন্ন দেশৰ হৈ তেওঁ এটা ছিজনত সৰ্বাধিক গ’ল দিয়া ফুটবলাৰ হিচাপে পৰিগণিত হৈছে ৷ ইংলেণ্ড (মানচেষ্টাৰ ইউনাইটেড), স্পেইন (ৰিয়েল মাদ্রিদ), ইটালী (জুভেন্টাছ)ৰ পাছত এইবাৰ ছৌদি আৰৱৰ হৈ এটা ছিজনত সৰ্বাধিক গ’ল দিয়ে চি আৰ ৭-এ।
ইয়াৰ মাজতে ৰোনাল্ডোৱে ছৌদি আৰৱ এৰি যোৱাৰ প্ৰস্তুতি চলাইছে ৷জানিব পৰা মতে জাৰ্মান ক্লাব বেয়াৰ লেভাৰকুচেনে ৰোনাল্ডোৰ সৈতে আলোচনা আৰম্ভ কৰিছে। এইবাৰ বুণ্ডেছলিগাত জয়লাভ কৰে লেভাৰকুচেনে। ফলত অহা ছিজনত চেম্পিয়নছ লীগত খেলিব। লেভাৰকুচেনৰ প্ৰশিক্ষক জাভি এল’নছ’ৰ সৈতে দীৰ্ঘদিন ধৰি মাদ্ৰিদত খেলি আহিছে ৰোনাল্ডোৱে।