ধাৰাবাহিকভাৱে আইপিএলত ভাল প্ৰদর্শনেৰে দৃষ্টি আকর্ষণ কৰিছে অসম সন্তান ৰিয়ান পৰাগে । ৰাজস্থান ৰয়েলছৰ মিডল অৰ্ডাৰত বেটিং কৰি দৃষ্টি আকৰ্ষণ কৰিছে ৰিয়ান পৰাগে। ভাৰতৰ টি-২০ বিশ্বকাপ দলত স্থান নাপালেও তেওঁ নিশ্চিত যে এদিন তেওঁ ভাৰতীয় দলত সুযোগ পাব। সংবাদ সংস্থা পিটিআইক দিয়া এক সাক্ষাৎকাৰত পৰাগে কয় –“ মোক কোনোবা নহয় কোনোবা সময়ত ল’বই লাগিব। মোৰ বিশ্বাস আছে এদিন ভাৰতীয় দলত খেলিম। কেতিয়া খেলিম সেইটো নাজানো ৷ তাক লৈ আমি চিন্তা কৰা নাই ৷”
বিগত কেইটামান ছিজনত সুযোগ পোৱাৰ পিছতো পৰাগে নিজৰ শ্ৰেষ্ঠখিনি দিব পৰা নাছিল ৰিয়ান পৰাগে । কিন্তু ভাৰতীয় দলত খেলাৰ ক্ষেত্ৰত অসম সন্তান গৰাকী তেতিয়াও আত্মবিশ্বাসী আছিল। পৰাগে কয় –“ মই যেতিয়া ৰান কৰিব পৰা নাছিলো তেতিয়াও মই এটা সাক্ষাৎকাৰত কৈছিলো যে মই ভাৰতৰ হৈ খেলিম। মোৰ নিজৰ ওপৰত বিশ্বাস আছে। মই গৰ্ব কৰা নাই। কিন্তু ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰা দিনটোৰ পৰা মোৰ এটাই লক্ষ্য ৷ সেই লক্ষ্য এদিন পূৰণ হ’বই।”
এইবাৰ আই পি এলত পৰাগে ১৬খন খেলত ৫৭৩ ৰান সংগ্ৰহ কৰিছে । ১৪৯.২১ ষ্ট্ৰাইক ৰেটত ৰান সংগ্ৰহ কৰে তেওঁ । চাৰিটা অর্ধশতক অর্জন কৰিছে ৷ কমলা ৰঙৰ টুপীৰ তালিকাত তেওঁ তৃতীয় স্থান লাভ কৰে। পৰাগৰ ধাৰাবাহিকতাৰ পিছত সুনীল গাভাস্কাৰৰ দৰে বিশেষজ্ঞই কয় যে তেওঁ পৰাগক ভাৰতীয় দলত চাব বিচাৰে ৷ পৰাগৰো সেই বিশ্বাস আছে। ভাৰতীয় দলত ৰিয়ান পৰাগে খেলিব বুলি আশাবাদী অসমৰ ৰাইজো ৷