দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিওটা ফর্মেটত খেলিবলগীয়া মহিলা দল ঘোষণা কৰা হৈছে ৷ ১৬ জুনত আৰম্ভ হ’ব এই শৃংখলা ৷ দলটোৰ নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে আৰু উপ অধিনায়ক হিচাপে থাকিব স্মৃতি মান্ধনা। ইফালে, এদিনীয়া দললৈ ঘূৰি আহিল টপ অৰ্ডাৰ বেটছমেন প্ৰিয়া পুনিয়া। তিনিওটা ফর্মেটতে অর্থাৎ টেষ্ট, এদিনীয়া আৰু টি-২০ দলত স্থান লাভ কৰিছে অসম কন্যা উমা ছেত্ৰীয়ে ৷ তেওঁক উইকেট ৰক্ষখ হিচাপে দলত স্থান দিয়া হৈছে ৷ ইয়াৰ পূর্বেও তেওঁ ভাৰতীয় দলৰ হৈ খেলিছিল ৷
যোৱা বছৰ সফল ডব্লিউ পি এলৰ পিছত ভাৰতৰ হৈ খেলা আৰু এপ্ৰিল-মে’ মাহত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা পাঁচখন মেচৰ টি-২০ শৃংখলাতো স্থান লাভ কৰা বাওঁহাতৰ স্পিনাৰ ছাইকা ইছাকক ষ্টেণ্ডবাইত ৰখা হৈছে। এই শৃংখলাত এখন টেষ্ট, তিনিখন এদিনীয়া আৰু টি-২০ খেল অনুষ্ঠিত হ’ব। এদিনীয়া খেলসমূহ বেংগালুৰুত অনুষ্ঠিত হ’ব ৷ আনহাতে চেন্নাইত অনুষ্ঠিত হ’ব টেষ্ট আৰু টি-২০ মেচ । ২০১৪ চনৰ নৱেম্বৰ মাহত শেষবাৰৰ বাবে দুয়োটা দলে টেষ্ট খেলিছিল।এদিনীয়া খেলখন আইচিচি মহিলা চেম্পিয়নশ্বিপ ২০২২–২০২৫ৰ অংশ আছিল ।
খেলৰ সময়সূচী
১৬ জুন, ২০২৪ – দেওবাৰ, ১:৩০ বজাত, বেংগালুৰু: প্ৰথম এদিনীয়া
১৯ জুন, ২০২৪ – বুধবাৰ, ১:৩০ বজাত, বেংগালুৰু: দ্বিতীয় এদিনীয়া
২৩ জুন, ২০২৪ – দেওবাৰ, ১:৩০ বজাত, বেংগালুৰু: তৃতীয় এদিনীয়া
২৮ জুন, ২০২৪ – ১ জুলাই, ২০২৪ – শুকুৰবাৰৰ পৰা সোমবাৰলৈ, পুৱা ৯:৩০ বজালৈ, চেন্নাই: টেষ্ট
৫ জুলাই, ২০২৪ – শুকুৰবাৰ, সন্ধিয়া ৭:০০ বজাত, চেন্নাই: প্ৰথম টি২০
৭ জুলাই, ২০২৪ – দেওবাৰ, সন্ধিয়া ৭:০০ বজাত, চেন্নাই: দ্বিতীয় টি২০
৯ জুলাই, ২০২৪ – মঙলবাৰ, সন্ধিয়া ৭:০০ বজাত, চেন্নাই: তৃতীয় টি২০