ঘৰখন ধূলিৰ পৰা ৰক্ষা কৰাটো কিমান কঠিন, নিয়মীয়াকৈ এই কৰ্তব্য পালন কৰা সকলেহে জানে। ঘৰটো যদি ৰাস্তাৰ কাষতে থাকে তেন্তে এই সমস্যা অধিক বৃদ্ধি হয় ৷ সকলো সময়তে কোঠাটোত ধূলিয়ে আপোনাক অশান্ত কৰি তোলে । কোঠাটোৰ চুকবোৰত ধূলি জমা হয়। আচবাবত ধূলিও লাগি থাকে। এটা কোঠাৰ পৰা আন এটা কোঠালৈ যোৱাৰ লগে লগে ভৰিৰ তলত ধূলিৰ ডাঠ তৰপ এটা জমা হয়। বহুতৰে ‘ধূলিৰ এলাৰ্জী’ থাকে। ধূলি নাকত সোমালে উশাহ লোৱাত অসুবিধা হয়। গতিকে ঘৰখন ধূলিমুক্ত কৰি ৰখাটো গুৰুত্বপূৰ্ণ। নিয়মীয়াকৈ চাফাই কৰাটো সদায় সম্ভৱ নহয়। গতিকে ধূলি নোহোৱা কৰিবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় ?
১) ঘৰত জমা হোৱা ধূলিৰ বেছিভাগেই বাহিৰৰ পৰা আহে। গতিকে কোঠাটোত ধূলি যাতে সোমাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে। তাৰ বাবে দুৱাৰ-খিৰিকী বন্ধ কৰি ৰখাই ভাল। ঘৰৰ কাষতে ৰাস্তা থাকিলে সমস্যা বেছি। তেনে ক্ষেত্ৰত ৰাস্তাৰ ফালে থকা দুৱাৰ-খিৰিকী বন্ধ কৰি ৰখাই ভাল।
২) কাপোৰ আৰু সিঁচৰতি হৈ থকা কাগজৰ পৰা আঁহ উৰি যায়। এইবোৰ ধূলি হিচাপে বিভিন্ন বস্তুৰ ওপৰত জমা হৈ থাকে। গতিকে কাপোৰ বা কাগজ ইফালে সিফালে পেলাই নাৰাখিব। নিৰ্দিষ্ট ঠাইত সংৰক্ষণ কৰক। ইয়াৰ ফলত ধূলিৰ পৰিমাণ কমি যাব।
৩) সাৰ পোৱাৰ পিছত কোঠাত থকা বিচনা চাদৰখন ঘৰৰ ভিতৰতে জোকাৰি নিদিব ৷ এইবোৰ কাম বেলকনিতে কৰিলে ভাল। তেতিয়া কোঠাটোত ধূলিৰ পৰিমান কমি যাব । ইয়াৰ বাহিৰেও বাহিৰৰ পৰা ক্ৰয় কৰা সামগ্ৰী ছাফা কৰিহে ঘৰৰ ভিতৰলৈ আনিব লাগে ৷
৪) বহুতে ঘৰতে ভেকুৱাম ক্লিনাৰ ব্যৱহাৰ কৰে। কিন্তু চেটটোত হেপা ফিল্টাৰ আছে নে নাই পৰীক্ষা নকৰে । এই ফিল্টাৰে ধূলি শোষণ কৰে। বতাহত ধূলি উৰি যোৱাত বাধা দিয়ে ৷