অৱশেষত জল্পনা-কল্পনাৰ অন্ত পৰিল। আশা কৰা মতে কাইলিয়ান এমবাপেই ৰিয়েল মাদ্রিদত যোগদান কৰে। ভাৰতীয় সময় অনুসৰি সোমবাৰে নিশা ছ’চিয়েল মিডিয়াত ৰিয়েল মাদ্রিদে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে । ফ্ৰান্সৰ বিশ্বকাপ বিজয়ী ফুটবলাৰগৰাকীয়ে পাঁচ বছৰৰ চুক্তিৰে স্পেনিছ ক্লাবত যোগদান কৰে।
যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত এমবাপেই নিজেই কৈছিল যে তেওঁ আৰু পেৰিছ চেণ্ট জাৰ্মেইনত থাকিব নিবিচাৰে। তেতিয়াৰ পৰাই তেওঁৰ ৰিয়েলত আগমনৰ জল্পনা-কল্পনা আৰম্ভ হৈছিল। দিন পাৰ হৈ যোৱাৰ লগে লগে জল্পনা-কল্পনা বাঢ়ি আহিল। অৱশেষত ৰিয়েলে চেম্পিয়নছ লীগ জয় কৰাৰ পিছত তেওঁৰ নাম ঘোষণা কৰে ৷
এমবাপেই ছ’চিয়েল মিডিয়াত লিখিছে, ‘এটা সপোন বাস্তৱায়িত হ’ল। মোৰ সপোনৰ ক্লাব ৰিয়েল মাদ্রিদত যোগদান কৰি মই অত্যন্ত সুখী আৰু গৌৰৱান্বিত। বৰ্তমান মই কিমান উত্তেজিত হৈ আছো কোনেও বুজিব নোৱাৰে। আপোনালোকৰ অবিশ্বাস্য সমৰ্থনৰ বাবে ধন্যবাদ।”
দুবছৰ পূৰ্বে এমবাপেক ৰিয়েললৈ চুক্তিবদ্ধ কৰাৰ বিষয়ে জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। সেইবাৰ এমবাপেই শেষ মুহূৰ্তত পেৰিছ ক্লাবত থাকিবলৈ সিদ্ধান্ত লয়। এইবাৰ কোনো ট্ৰেন্সফাৰ মাচুল নোহোৱাকৈ ৰিয়েলত যোগদান কৰে তেওঁ ।