ক’লা ৰঙৰ চাউলৰ পৰা আৰম্ভ কৰি টোক মাহলৈকে ক’লা ৰঙৰ খাদ্য সামগ্ৰীৰ চাহিদা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ দেখাত ভাল নালাগিলেও এই ক’লা খাদ্য সামগ্ৰীৰ শৰীৰৰ বাবে বহু উপকাৰ আছে? পুষ্টিবিদসকলে কয় যে ক’লা খাদ্য সামগ্ৰীত এন্টিঅক্সিডেন্ট, ফাইবাৰ আৰু বিভিন্ন খনিজ পদাৰ্থ অধিক পৰিমাণে থাকে। শৰীৰত ভিটামিন আৰু খনিজ পদাৰ্থ যোগান ধৰাৰ উপৰিও এই খাদ্যবোৰে শৰীৰৰ ওজন নিয়ন্ত্ৰণত বিশেষ ভূমিকা পালন কৰে। জিম বা যোগাসনৰ লগতে এই ‘ক’লা’ ৰঙৰ খাদ্যসমূহ খাদ্য তালিকাত ৰখাটো লাভজনক হ’ব।
‘ক’লা’ ৰঙৰ কি কি খাদ্য সামগ্ৰী খাব পাৰে?
১) ক’লা চাউল
বেছিভাগ মানুহেই চাউল বগা হোৱাটো বিচাৰে। কিন্তু পুষ্টিবিদসকলে কয়, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ হ’লে ক’লা চাউলৰ ভাত খাব পাৰে ৷ ক’লা চাউলত ‘এন্থ’চাইনিন’ থাকে। যিটো আচলতে এক প্ৰকাৰৰ এন্টিঅক্সিডেন্ট। এই চাউলে শৰীৰৰ প্ৰদাহ নিয়ন্ত্ৰণত সহায় কৰে। লগতে ক’লা চাউলত আঁহৰ পৰিমাণ বেছি। গতিকে এই চাউলৰ ভাত খালে পেটটো বহু সময়লৈকে ভৰি থাকে। ক’লা চাউলৰ গ্লাইচেমিক সূচাংক কম। গতিকে তেজৰ শর্কৰা দ্ৰুতগতিত বৃদ্ধি হোৱাৰ কোনো ভয় নাই।
২) চিয়া বীজ বা টোকমাহ
চিয়া বীজ বা টোক মাহত ওমেগা-৩ ফেটি এচিড, আঁহ আৰু প্ৰটিনৰ প্ৰাকৃতিক উৎস। এই প্ৰতিটো মৌল ওজন হ্ৰাসৰ বাবে গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও চিয়া বীজে শৰীৰৰ আৰ্দ্ৰতা বজাই ৰখা, পেশী শক্তিশালী কৰা আৰু বিপাকীয় ক্ৰিয়া উন্নত কৰাত সহায় কৰে।
৩) মাটি দাইল
উদ্ভিজ প্ৰটিনৰ এটা উৎস হ’ল দাইল। পুষ্টিবিদসকলে কয় যে ওজন নিয়ন্ত্ৰণত প্ৰটিনে উল্লেখযোগ্য ভূমিকা পালন কৰে। প্ৰটিনৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ যিকোনো ধৰণৰ দাইল খাব পাৰি। কিন্তু ইয়াৰ ভিতৰত ক’লা দাইল বা মাটি দাইলত প্ৰ’টিনৰ পৰিমাণ সৰ্বাধিক। মাটি দাইলে পেশী গঠনৰ পৰা আৰম্ভ কৰি বিপাকীয় ক্ৰিয়ালৈকে সকলো উন্নত কৰিব পাৰে।