আজিৰ পৰা টি-২০ বিশ্বকাপত অভিযান আৰম্ভ কৰিব ভাৰতে ৷ আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচেৰে বিশ্বকাপৰ অভিযান আৰম্ভ হ’ব ভাৰতৰ। নিউয়ৰ্কৰ নাছাউ কাউন্টি ফিল্ডত অনুষ্ঠিত হ’ব এই খেলখন। ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাৰ পৰা অনুষ্ঠিত হ’ব এই মেচ ৷জয়েৰে আৰম্ভণি কৰিব বিচাৰিছে ৰোহিত শৰ্মাই।
ভাৰতৰ ক্ৰিকেট অনুৰাগীসকলক অৱশ্যে বুধবাৰৰ বতৰৰ পূৰ্বাভাসে আশ্বস্ত কৰি তুলিছে ৷ বুধবাৰে বৰষুণৰ কোনো সম্ভাৱনা নাই। ভাৰত বনাম আয়াৰলেণ্ডৰ খেলখন সুকলমে আয়োজন কৰিব পৰা যাব বুলি জনোৱা হৈছে। যদিও মেচৰ সময়ত আকাশত ডাৱৰ থাকিব। কিন্তু বৰষুণ হোৱাৰ সম্ভাৱনা নাই।
অৱশ্যে পিটচক লৈ ৰোহিতৰ অলপ চিন্তা হ’ব পাৰে। ভাৰত-পাকিস্তানৰ খেলখন শ্ৰীলংকা-দক্ষিণ আফ্ৰিকাৰ খেল অনুষ্ঠিত হোৱা খেলপথাৰখনতে অনুষ্ঠিত হোৱাৰ কথা। তাৰ আগতে আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলি খেলপথাৰ আৰু আউটফিল্ডৰ সৈতে পৰিচিত হোৱাৰ সুযোগ আছে ৰোহিতে।