নিতেশ তিৱাৰীৰ ‘ৰামায়ণ’ ছবি নির্মাণৰ পুর্বৰে পৰা চর্চিত হৈ আহিছে ৷ ৰামচন্দ্ৰৰ চৰিত্ৰত ৰণবীৰ কাপুৰ আৰু সীতাৰ চৰিত্ৰত দক্ষিণৰ অভিনেত্ৰী ছাই পল্লৱীক দেখা যাব । আনহাতে, ৰাৱণৰ চৰিত্ৰত চাউথ ষ্টাৰ যশক প্ৰায় চূড়ান্ত কৰিছে। ‘কে জি এফ’ৰ বিখ্যাত তাৰকাগৰাকীয়ে চিত্ৰনাট্যত ৰাৱণৰ চৰিত্ৰত কেইবাটাও পৰিৱৰ্তন কৰিবলৈ সন্মত হয়। যশে প্ৰথমবাৰৰ বাবে হিন্দী ছবিত ভৰি দিবলৈ ওলাইছে। ছবিখনৰ বাবে তেওঁ লোৱা মাচুল ‘জোৱান’ত শ্বাহৰুখৰ মাচুলতকৈ বহু বেছি। আনকি, ৰাৱণ যশে ‘ৰামায়ণ’ ছবিখনত ৰণবীৰৰ পাৰিশ্ৰমিকতকৈ বহু বেছি ধন লাভ কৰিছে।
ৰণবীৰৰ বিপৰীতে ৰাৱণৰ চৰিত্ৰত যশ। যদিও তেওঁ এনে এটা চৰিত্ৰত অভিনয় কৰিবলৈ উৎসাহিত হৈছিল, তথাপিও অনুৰাগীৰ আশা-আকাংক্ষা বিবেচনা কৰি অভিনেতাজনে চৰিত্ৰটোৰ পৰা আঁতৰি আহিব বিচাৰিছিল। দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত যশক ৰাৱণৰ চৰিত্ৰত চূড়ান্ত কৰা হ’ল। এই ছবিখনৰ বাবে তেওঁ বিচাৰিছে ২০০ কোটি টকাৰ মাচুল। সূত্ৰ অনুসৰি যশে ১০০ কোটিৰ তলৰ ছবিত অভিনয় নকৰে ৷এই ছবিখনক অতিৰিক্ত সময় দিব লাগে। সেইবাবেই তেওঁ এই ছবিখনৰ বাবে তেওঁ ২০০ কোটি টকা লৈছে।
এতিয়ালৈকে শ্বাহৰুখ খান, ছলমান খান আৰু ৰণবীৰ কাপুৰে বলীউডত ১০০ কোটিৰো অধিক উপাৰ্জন কৰিছিল। যোৱা বছৰ মুক্তি পোৱা ‘জৱান’ ছবিৰ বাবে শ্বাহৰুখে পাৰিশ্ৰমিক ১২০ কোটি টকা লৈছিল। ‘এনিমেল’ৰ বাবে ৰণবীৰে প্ৰায় ১০০ কোটি টকা পাৰিশ্ৰমিক লৈছিল।
শুনা যায় যে যশ এই ছবিখনৰ ৰূপৰ প্ৰতি আৰম্ভণিৰে পৰাই অতি সচেতন। অভিনেতাগৰাকীয়ে ‘কে জি এফ’ৰ ভাবমূর্তি ভাঙি সম্পূৰ্ণ বেলেগ অৱতাৰত দৰ্শকৰ সন্মুখলৈ আহিব বিচাৰিছে। ইতিমধ্যে তেওঁ নিজৰ চেহেৰা আৰু ফিটনেছৰ প্ৰতি অতিৰিক্ত গুৰুত্ব দিছে। তেওঁ পৰ্দাত সঠিকভাৱে ৰাৱনৰ চৰিত্ৰত অভিনয় কৰিব বিচাৰে।