সফল অভিনেতাৰ লগতে সফল প্ৰযোজক হিচাপেও খ্যাতি লাভ কৰিছে ‘কিং খান’-এ ৷ ২০০২ চনত প্ৰডাকচন কোম্পানী ‘ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট’ শ্বাহৰুখ আৰু গৌৰী খানৰ সহ-মালিকত্ব আছিল। শ্বাহৰুখৰ প্ৰডাকচন কোম্পানীয়ে বহু হিট ছবি দিছে। শেহতীয়া সময়ৰ অন্যতম ডাঙৰ হিট ছবি হৈছে ‘জোৱান’। ইয়াৰ বাহিৰেও আছে ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট ভিএফএক্স কোম্পানী।
এইবাৰ শ্বাহৰুখৰ এই কোম্পানীটোৰ নামত চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে এক দুষ্ট চক্ৰই ! যদিও শ্বাহৰুখ বা তেওঁৰ কোম্পানীৰ মুৰব্বীসকলেও এই বিষয়ে জ্ঞাত নাছিল ৷ এই প্ৰৱঞ্চনাৰ খবৰ শুনি শ্বাহৰুখৰ কোম্পানীয়ে সাধাৰণ মানুহক সকীয়াই দিছে ৷
ৰেড চিলিছৰ এক বিবৃতিত কোৱা হৈছে, “আমি গম পাইছো যে বিভিন্ন ছ’চিয়েল মিডিয়াত বিশেষকৈ হোৱাটছএপত আমাৰ কোম্পানীৰ নাম বদনাম কৰি বিভিন্ন ভুৱা অফাৰ দিয়া হৈছে। ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ সৈতে তেওঁলোক জড়িত বুলি দাবী কৰা হৈছে। কিন্তু আমি সকলোকে জনাইছো, ৰেড চিলিজ এণ্টাৰটেইনমেণ্টে হোৱাটছএপৰ জৰিয়তে কোনো নিযুক্তি বা আনুষংগিক নীতি বা চাকৰি সম্পৰ্কীয় কোনো তথ্য প্ৰদান নকৰে। গতিকে এনে বিজ্ঞাপনৰ পৰা আঁতৰি থাকক।” অৱশ্যে এই সন্দৰ্ভত শ্বাহৰুখৰ পৰা এতিয়াও কোনো বক্তব্য লাভ কৰা নাই।