ফ্ৰেন্স অ’পেনত পুৰুষৰ একক ফাইনেলত প্ৰৱেশ কৰিছে কাৰ্লোছ আলকাৰাজে। ছেমি ফাইনেলত য়ানিক চিনাৰক তেওঁ পৰাস্ত কৰে। পুৰুষৰ টেনিছত বিশ্বৰ দুগৰাকী শ্ৰেষ্ঠ তাৰকাই ৪ ঘণ্টা ০৯ মিনিটৰ বাবে যুঁজ দিয়ে। শেষত আলকাৰাজে ২-৬, ৬-৩, ৩-৬, ৬-৪, ৬-৩ ছেটত জয়লাভ কৰে।
দুয়োগৰাকী তাৰকাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতাৰ হয় ৷ কোনো এজনেই যেন এৰি দিব বিচৰা নাছিল কোনো সুযোগ ৷প্ৰতিটো ছেটতে দেখা গৈছিল ইয়াৰ প্ৰতিফলন ৷আগ্ৰাসী ছিনাৰে ছেমি ফাইনেলৰ আৰম্ভণি কৰে। কিন্তু ৰাফেল নাডালৰ শিষ্যই হাৰ মনা নাছিল ৷ দ্বিতীয় ছেটত খেললৈ ঘূৰি আহিছিল। কেৱল সেয়াই নহয়, ছিনাৰক কঠিন প্ৰত্যাহ্বান দিছিল। আলকাৰাজৰ আক্ৰমণৰ পিছত ছিনাৰে কিছু পৰিমাণে প্ৰতিৰক্ষামূলক হৈ পৰে। সেই সুযোগৰ সুযোগ লৈ আলকাৰাজে ৬-৩ পইণ্টত জয় কৰি মেচখন সমতা স্থাপন কৰে। পুৰুষৰ প্ৰথমখন ছেমি ফাইনেলত পুনৰ ৰং সলনি হ’ল তৃতীয় ছেটত। চতুৰ্থ ছেটত ৬-৪ পইণ্টত জয়লাভ কৰি সমতা স্থাপন কৰে স্থাপন কৰে । নিৰ্ণায়ক পঞ্চম ছেটত ৬-৩ গ’লত জয়লাভ কৰে আলকাৰাজে ।