দেওবাৰে টি-২০ বিশ্বকাপত পাকিস্তানক পৰাস্ত কৰে ভাৰতে। পাকিস্তানৰ বহু প্ৰাক্তন ক্ৰিকেটাৰে ভাৰতৰ প্ৰদৰ্শনক প্ৰশংসা কৰিছে। ইয়াৰ বিপৰীতে কামৰাণ আকমলে ভাৰতক সমালোচনা কৰিছে । পাকিস্তানৰ এটা টিভি চেনেলত মেচখনৰ কমেণ্ট কৰি থাকোঁতে তেওঁ আৰ্শদ্বীপ সিঙৰ প্ৰতি বৰ্ণবিদ্বেষী মন্তব্য কৰে। আর্শদ্বীপৰ ধর্মৰ প্ৰসংগ টানি আকমলে সমালোচনা কৰে ৷ ইয়াৰ পিছত দেশ-বিদেশত আকমল তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়। এই লৈ বিশ্বকাপত হুলস্থুলৰ সৃষ্টি হৈছে।
এই ঘটনা সংঘটিত হৈছিল পাকিস্তানৰ ইনিংছৰ ১৯ অভাৰত। ছচিয়েল মিডিয়াত বিয়পি পৰিছে এই ঘটনাৰ এটা ভিডিঅ’। সেই ভিডিঅ’টোত আকমলে কয়- “এই মেচত যিকোনো ঘটনা হ’ব পাৰে ৷ এতিয়া ১২ বাজিছে। ১২ বজাৰ পিছত কোনো শিখক ওভাৰ কৰিবলৈ দিব নালাগে।”
আকমলে হাঁহি হাঁহি এই মন্তব্য কৰিছিল যদিও অনুৰাগীয়ে এই মন্তব্যৰ বিৰোধিতা কৰে ৷ তেওঁলোকে দাবী কৰে যে বৰ্ণবাদী মন্তব্যৰ বাবে আকমলে ক্ষমা খুজিব লাগে। একাংশ সমৰ্থকে ইয়াক লজ্জাজনক বুলি অভিহিত কৰে। অৱশ্যে আকমলে ৰাজহুৱাভাৱে ক্ষমা বিচৰা নাই। বিগত সময়তো বিতৰ্কিত মন্তব্য কৰাৰ বাবে তেওঁক সমালোচনা কৰা হৈছে।
দেওবাৰৰ খেলখনত অন্তিম অভাৰত বলিং কৰে আর্শদ্বীপে। পাকিস্তানক ১৮ ৰানৰ প্ৰয়োজন আছিল। কিন্তু তেওঁলোকে ১১ ৰানতকৈ বেছি লাভ কৰিব নোৱাৰিলে। ভাৰতে ৬ ৰাণত জয়লাভ কৰে।