মোবাইল অবিহনে এটাও মুহূৰ্তও পাৰ নহয়। কিন্তু আমি মোবাইলৰ যত্ন লোৱাৰ বাবে বিশেষ একো নকৰো। চিকচিকিয়া মোবাইলৰ কভাৰ এটা লগাই দায়িত্ব শেষ কৰো ৷ ধৰি লওক আপুনি বহুত টকা খৰচ কৰি এণ্ড্ৰইড বা আইফোন এটা কিনিছে, কিন্তু কেইদিনমানৰ পিছত আপুনি দেখিছে যে ফোনটোৰ বেটাৰীয়ে শব্দ কৰি আছে। তাৰ পিছত মোবাইল বিক্ৰেতাক সমালোচনা কৰিবলৈ আৰম্ভ কৰে । আচলতে কম বেছি পৰিমাণে আমি সকলোৱে প্ৰতিদিনে ভুল কৰো, যাৰ বাবে ফোনটো অতি সোনকালে বেয়া হৈ যায়। আটাইতকৈ ডাঙৰ ভুলটো হয় স্মাৰ্টফোন চাৰ্জ কৰাৰ সময়ত। ফোনটো কেনেকৈ চাৰ্জ কৰিব জানেনে ।
১) লিথিয়াম-আয়ন বেটাৰী সৰ্বোত্তম। ফোনটো বহুসময়লৈ চাৰ্জ হৈ থাকে। কিন্তু মনত ৰাখিব, ২০ শতাংশ চাৰ্জ থাকিলেহে মোবাইলটো চাৰ্জ কৰক। ৮০ শতাংশ চাৰ্জ হ’লে চাৰ্জাৰটো আঁতৰাই দিব লাগে।
২) ফোনটো কেতিয়াও ১০০% চাৰ্জ নকৰিব। বহুতে গোটেই ৰাতি মোবাইলৰ চাৰ্জাৰ সংযোগ কৰি ৰাখে। ইয়াৰ দ্বাৰা বেটাৰী অতি সোনকালে নষ্ট হয় ৷
৩) নতুন ফোনটো বাৰে বাৰে চাৰ্জ নকৰিব, ই বেটাৰীৰ ক্ষতি কৰিব।
৪) ফোনটোৰ সৈতে একেটা কোম্পানীৰে এডাপ্টাৰ ব্যৱহাৰ কৰক। বহুতে এই ভুল কৰে। আপোনাৰ ফোনটো আন কাৰোবাৰ চাৰ্জাৰেৰে চাৰ্জ কৰিবলৈ চেষ্টা নকৰিব । ই বেটাৰীটোৰ ক্ষতি কৰে। আইফোন চাৰ্জ কৰাৰ সময়ত যদি আপুনি এণ্ড্ৰইড ফোন চাৰ্জাৰ ব্যৱহাৰ কৰে তেন্তে ফোনটো সোনকালে বেয়া হোৱাটো নিশ্চিত।
৫)স্মাৰ্টফোন চাৰ্জ কৰাৰ সময়ত ফোন কভাৰ খুলি দিব । আমাৰ বহুতেই এই নিয়ম মানি নচলে। কভাৰ অন হৈ থকাৰ সময়ত ফোনটো চাৰ্জ কৰিলে ফোনটোৰ বেটাৰী অতি সোনকালে গৰম হ’ব।
৬)মোবাইলত চলি থকা এপবোৰোৰ বাবেও কেতিয়াবা খুব লেহেমীয়াকৈ চাৰ্জ হয়। চাৰ্জ কৰিবলৈ যোৱাৰ আগতে কোনো মোবাইল এপ খোলা আছে নে নাই পৰীক্ষা কৰক। যদি আছে, তেন্তে সেইবোৰ বন্ধ কৰক।
৭) যদি মোবাইলটো বহুসময়লৈ চাৰ্জ হোৱাটো বিচাৰে তেন্তে কিছুমান সহজ টিপছ আছে। মোবাইল ইণ্টাৰনেট বন্ধ কৰি চাৰ্জ কৰক। যদি বৰ প্ৰয়োজন নহয় তেন্তে মোবাইল ফোনটো ফ্লাইট মোডত ৰাখি চার্জ কৰক ৷ হাতত সময় কম থাকিলে ফোনটো সম্পূৰ্ণৰূপে বন্ধ কৰি চাৰ্জ দিয়ক। অতি সোনকালে চাৰ্জ হ’ব আপোনাৰ ফোনৰ বেটাৰী ৷