চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা নীটত অনিয়ম সংঘটিত হোৱা বুলি উত্থাপিত অভিযোগে সমগ্ৰ দেশ উত্তাল কৰি তুলিছে। এইবাৰ উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক জাননী জাৰি কৰি জবাব বিচাৰিছে ৷ নীট বাতিলৰ বাবে উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু কৰা হৈছে। তেনে এটা গোচৰৰ শুনানি মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠত অনুষ্ঠিত হয় ৷
উল্লেখ্য যে নীটত প্ৰশ্ন ফাদিল আৰু নম্বৰ বৃদ্ধিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিশেষকৈ ৬৭ জন শিক্ষার্থীয়ে ৭২০ নম্বৰৰ ভিতৰত ৭২০ নম্বৰ লাভ কৰা সম্ভৱ নহয় ৷এই পৰিস্থিতিত যোৱা শনিবাৰে এন টি এ কৰ্তৃপক্ষই কাৰ্যতঃ সকলো অভিযোগ অস্বীকাৰ কৰিছিল। পৰীক্ষাত কোনো অনিয়ম হোৱা নাই বুলি তেওঁলোকে দাবী কৰে। কিন্তু দেশৰ বিভিন্ন প্ৰান্তত শিক্ষার্থীকে ধৰি একাংশ দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে। বিৰোধী দলসমূহেও এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷
চলিত বৰ্ষৰ ৫ মে’ত অনুষ্ঠিত হৈছিল নেট। কিন্তু পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে প্ৰশ্ন ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছিল। ১৭ মে’ত পৰীক্ষাৰ ফলাফল স্থগিত ৰখাৰ বাবে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু হৈছিল।