আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ পিছত ভাৰতীয় ফুটবল তাৰকা সুনীল ছেত্ৰীয়ে লাভ কৰিছে নতুন দায়িত্ব। শেহতীয়াকৈ অৱসৰপ্ৰাপ্ত ভাৰতৰ অধিনায়কগৰাকীয়ে বাইচুং ভূটিয়াৰ সৈতে একেলগে এই নতুন দায়িত্ব পালন কৰিব ৷ ইউৰো কাপত দুয়ো গৰাকী তাৰকাই দিব ধাৰাভাষ্য । শুকুৰবাৰে নিশাৰ পৰা আৰম্ভ হৈছে ইউৰো কাপ। এইবাৰ আয়োজক জাৰ্মানী। প্ৰতিযোগিতাখনৰ ফাইনেল ১৪ জুলাইত অনুষ্ঠিত হ’ব ।
নতুন দায়িত্ব লাভ কৰাৰ লগে লগে সুনীল ছেত্ৰীয়ে কয়, “ধাৰাভাষ্যকাৰৰ পেনেলৰ অংশ হ’বলৈ পাই ভাল লাগিছে ৷ লগতে বিভিন্ন বিশেষজ্ঞ পেনেলিষ্ট উপস্থিত থাকিব। ফলত ফুটবল অনুৰাগীসকলে কেৱল প্ৰতিযোগিতা উপভোগ কৰাই নহয়, ফুটবলকো ভালদৰে বুজিব পাৰিব ।”
সম্প্ৰচাৰকসকলে যাতে অধিক লোকে ইউৰো কাপ উপভোগ কৰিব পাৰে তাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। বৰ্তমান ভাৰতীয় দলৰ অধিনায়ক গুৰপ্ৰীত সিং সন্ধু আৰু ভাৰতৰ প্ৰাক্তন ফৰৱাৰ্ড ৰবীন সিঙো থাকিব এই পেনেলত ।
ইয়াৰ বাহিৰেও আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ কেইবাগৰাকীও তাৰকা আছে। ফ্ৰান্সৰ প্ৰাক্তন অধিনায়ক পেট্ৰিছ এভ্ৰা আৰু ইংলেণ্ডৰ প্ৰাক্তন গ’লৰক্ষক ডেভিদ জেমছ তাত উপস্থিত থাকিব।