এটলী কুমাৰৰ পৰিচালনাত নিৰ্মিত ‘জৱান’ ছবিখনে বক্স অফিচত ব্যাপক সফলতা লাভ কৰিছিল ৷ শ্বাহৰুখ খানৰ সৈতে কাম কৰাৰ পিছত এটলীয়ে পুনৰ কোন তাৰকাৰ সৈতে কাম কৰিব তাক লৈ জল্পনা কল্পনাৰ সৃষ্টি হৈছে । এটলীৰ পৰৱৰ্তী ছবিত অল্লু অৰ্জুনক দেখা যাব বুলি চৰ্চা চলিছিল।
এফালে অল্লুৰ হাতত আছে ‘পুষ্পা’ৰ দৰে এখন ছবি । আনহাতে, এটলীৰ হাতত আছে ‘জৱান’। দুয়োজনে একেলগে এখন ছবি নিৰ্মাণ কৰিব বুলি দৰ্শকে আশা কৰিছিল। কিন্তু শুনা গৈছে যে এটলীৰ পৰৱৰ্তী ছবিত আল্লু অৰ্জুনক হয়তো দেখা নাযাব। জানিব পৰা মতে বলীউডৰ তাৰকা ছলমান খানক এটলীৰ পৰৱৰ্তী ছবিত দেখা যাব পাৰে ।
ইতিমধ্যে ছলমান খানৰ সৈতে তেওঁৰ ছবিখনৰ চিত্ৰনাট্যৰ বিষয়ে আলোচনা কৰিছে এটলীয়ে। মাত্ৰ চূড়ান্ত সিদ্ধান্তৰ বাবে অপেক্ষা কৰিছে পৰিচালক জনে । যদি সকলো ঠিকে থাকে তেন্তে অতি সোনকালে ছলমানৰ সৈতে কাম আৰম্ভ কৰিব এটলীয়ে।
‘জৱান’ ছবিৰ সফলতাৰ পিছত এটলী বলীউড আৰু দক্ষিণ ভাৰতৰ অন্যতম সফল পৰিচালক হিচাপে পৰিগণিত হয়। এই ছবিখনে বক্স অফিচত ১০০০ কোটিতকৈও অধিক টকা উপাৰ্জন কৰে। গতিকে বহু অভিনেতাই এটলীৰ পৰিচালনাত কাম কৰিবলৈ আগ্ৰহী।