টি-২০ ক্ৰিকেটত সৰ্বাধিক দ্ৰুত শতকৰ অভিলেখৰ গৰাকী হৈছে ক্ৰীছ গেইল। তেওঁৰ অভিলেখ এইবাৰ ভংগ হ’ল। ইষ্ট’নিয়াৰ ভাৰতীয় মূলৰ এজন বেটছমেনে সোমবাৰে ২৭টা বলত শতক অৰ্জন কৰে। গেল আৰু জেন নিকোল লফ্টী য়াটছনৰ অভিলেখ ভংগ কৰিলে ছাহিল চৌহানে ।
আই পি এলত গেইলে ৩০ বলত শতক অৰ্জন কৰে। নামিবিয়াৰ ইয়াটছন আছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আটাইতকৈ দ্ৰুততম শতকৰ মালিক। তেওঁ ৩৩টা বলত শতক অৰ্জন কৰে। ছাহিল চৌহানে চাইপ্ৰাছৰ বিৰুদ্ধে ২৭ বলত শতক অৰ্জন কৰি তেওঁলোকৰ সকলো অভিলেখ ভংগ কৰে। ৩২ বছৰীয়া বেটছমেনগৰাকীয়ে খেলখনত ৪১টা বলত ১৪৪ ৰান সংগ্ৰহ কৰে।
আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত চলি আছে টি-২০ বিশ্বকাপ। তাৰ পৰা ৯৬৯৯ কিলোমিটাৰ দূৰত্বত থকা এপিস্কোপিত চাইপ্ৰাছ আৰু ইষ্টোনিয়াই খেলিছিল। সেই মেচত প্ৰথম বেটিং কৰি চাইপ্ৰাছে ১৯১ ৰান সংগ্ৰহ কৰে। বেটিং কৰি ইষ্টোনিয়াই প্ৰথম অভাৰৰ পৰাই উইকেট হেৰুৱাবলৈ আৰম্ভ কৰে। ৪০ ৰানত তিনিটা উইকেট হেৰুৱাই দলটোৱে ৷ কিন্তু ছাহিলে অকলে দলক জয়ী কৰিছিল। ৪১টা বলত ১৪৪ ৰান সংগ্ৰহ কৰি তেওঁৰ অপৰাজিত ইনিংছে ইষ্ট’নিয়াক ৭ অভাৰ বাকী থকা অৱস্থাত মেচখন জয় কৰাত সহায় কৰে।
২০১৩ চনৰ আই পি এলত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ হৈ গেইলে ৩০ বলত শতক অৰ্জন কৰিছিল। নামিবিয়াৰ ইয়াটছনে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত নেপালৰ বিৰুদ্ধে ৩৩ বলত শতক অৰ্জন কৰিছিল। সেইটোৱেই আছিল টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত সৰ্বাধিক দ্ৰুত শতক। যিটো চাৰি মাহৰ ভিতৰতে ভাঙি গ’ল।