ক’ভিডৰ পিছত শিশু মোবাইলৰ ওপৰত ইমানেই নিৰ্ভৰশীল হৈ পৰিছে যে ই তেওঁলোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাইছে। পাঠদানৰ পৰা খেলা-ধূলালৈকে সমগ্ৰ শিশুৰ পৃথিৱীখনেই এতিয়া মোবাইলৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে।
দিন পাৰ হৈ যোৱাৰ লগে লগে ‘ডিজিটেল ডিভাইচ’ৰ ব্যৱহাৰ বৃদ্ধি পাইছে। ইয়াৰ যোগেদিয়েই অতি প্ৰয়োজনীয় কাম-কাজবোৰ চলি থাকে ৷ কিন্তু যুৱক-যুৱতীসকলৰ মাজত ডিজিটেল-নিচাৰ ক্ষতিকাৰক প্ৰভাৱক আওকাণ কৰিব নোৱাৰি।
প্ৰায়বোৰ শিশুৱে এতিয়া স্মাৰ্টফোনৰ সৈতে অধিক সময় কটায় আৰাম অনুভৱ কৰে ৷ পৰিয়ালৰ সৈতে সময় কটাবলৈ বা আগৰ দৰে বন্ধুৰ সৈতে সময় কটাবলৈ তেওঁলোকে ভাল নাপায় । যদিও এই পৰিৱৰ্তনবোৰ তুচ্ছ যেন লাগিব পাৰে, তথাপিও সামাজিক জীৱনত ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী। আনহাতে, স্মাৰ্টফোনৰ অত্যধিক ব্যৱহাৰেও তেওঁলোকৰ শৰীৰৰ ক্ষতি কৰিছে। অত্যধিক মোবাইল-আসক্তিৰ বাবে তেওঁলোক অপৰ্যাপ্ত টোপনি, চকুৰ সমস্যা বৃদ্ধি আদি বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। শিশুসকলে মুকলি ঠাইত দৌৰা-খোজ কঢ়াৰ অভ্যাস হেৰুৱাই এলেহুৱা জীৱন যাপন কৰাত অভ্যস্ত হৈ পৰে। ফলত মেদবহুলতাৰ দৰে সমস্যাই তেওঁলোকৰ শৈশৱত প্ৰভাৱ পেলাইছে। কিছুমান ক্ষেত্ৰত শিশুৱে অধিক হিংসাত্মক আচৰণ কৰে ৷
মোবাইলৰ আসক্তি কেনেকৈ হ্ৰাস কৰিব?
১. শিশুটিক সকলো সময়তে নহয়, নিৰ্দিষ্ট সময়ত স্মাৰ্টফোন ব্যৱহাৰ কৰিবলৈ দিয়ক। কিন্তু তাৰ পিছত শিশুটিয়ে কি কৰিছে বা স্মাৰ্টফোনত কি চাই আছে তাৰ ওপৰত চকু ৰাখিব । শিশুটিক আগ্ৰহী খেলা-ধূলা, নৃত্য, সংগীতৰ প্ৰতি মনোযোগ দিবলৈ উৎসাহিত কৰক। যদি আপুনি পঢ়াৰ বাবে ফোন ব্যৱহাৰ কৰে তেন্তে সেই সময়ত আপুনি অধ্যয়নৰ কাম কৰি আছে নে নাই তাক লৈও চকু ৰাখিব লাগে।
২. যদি শিশুটিয়ে অনলাইনত ক্লাছ লৈছে, তেন্তে ইণ্টাৰনেট সংযোগেৰে কি কৰিছে সেয়া নিৰীক্ষণ কৰা উচিত। ইয়াৰ উপৰিও আপত্তিজনক ৱেবছাইটসমূহো স্মাৰ্টফোনৰ পৰা নিয়ন্ত্ৰণ কৰিব লাগে।
৩. আপোনাৰ সন্তানেৰ স্মাৰ্টফোনৰ নিচা ভংগ কৰিবলৈ সময় উলিয়াব লাগিব। দিনটোৰ এটা নিৰ্দিষ্ট সময় শিশুটিৰ সৈতে কটাওক ৷ শিশুটিৰ মনৰ কথা শুনাৰ লগতে ধেমালি কৰিবলৈ চেষ্টা কৰক ৷
৪. যদি আপুনি মোবাইলৰ প্ৰতি অত্যধিক আসক্ত, তেন্তে আপোনাৰ সন্তানেও স্বাভাৱিকতে আসক্ত হ’ব। গতিকে প্ৰথমে আপোনাৰ নিচা আঁতৰাই পেলাওক।
৫. শিশুটিক শোৱাৰ এঘণ্টা আগতে ফোন, টেব বা লেপটপ ব্যৱহাৰ কৰিবলৈ নিদিব। প্ৰয়োজন হ’লে কৈ বা বুজাই অনুশাসন কৰক।