দেওবাৰে টি-২০ বিশ্বকাপত জয়লাভ কৰে আফগানিস্তানে। অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী দেশক তেওঁলোকে পৰাজিত কৰিছে ৷ দলটোৰ ক্ৰিকেটাৰ মহম্মদ নবীয়ে সেই মেচত এক নজিৰ গঢ়ি তুলিছিল। তেওঁ টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ৪৫খন দেশৰ বিৰুদ্ধে জয়লাভ কৰাৰ নজিৰ গঢ়ি তুলিছে। এই অভিলেখ আন কোনো ক্ৰিকেটাৰৰ নাই।
আফগানিস্তানে টি-২০ বিশ্বকাপত বহু দেশৰ বিৰুদ্ধে মেচ খেলিছে। ডেনমাৰ্ক, বাহৰেইন, মালয়েছিয়া, চৌদি আৰব, কুৱেইট, কাটাৰ, ইৰাণ, থাইলেণ্ড, জাপান, বাহামা, বটছৱানা, জাৰ্চি, তাঞ্জানিয়া, ফিজি, ইটালী, আৰ্জেণ্টিনা, পাপুয়া নিউ গিনি, কেমেন দ্বীপপুঞ্জ, ছিংগাপুৰ, ট্ৰিনিদাদ আৰু ট’বাগো, ভূটান, মালদ্বীপ, বাৰ্বাডোছৰ দৰে দেশৰ বিৰুদ্ধে টি-২০ত জয়ী হৈছে আফগানিস্তান ।
অষ্ট্ৰেলিয়াৰ অধিনায়ক মিচেল মাৰ্ছে টছত জয়লাভ কৰি দেওবাৰৰ খেলখনত প্ৰথমে ফিল্ডিং কৰিবলৈ বাছি লয়। তেওঁৰ সিদ্ধান্তই দলটোক সফলতা নিদিলে ৷ আফগানিস্তানৰ দুজন অ’পেনাৰে ১১৮ ৰানৰ অংশীদাৰিত্ব লাভ কৰে। ৰহমানুল্লাহ গুৰবাজে ৪৯টা বলত ৬০ ৰান সংগ্ৰহ কৰে। আনজন আফগান অ’পেনাৰ ইব্ৰাহিম জাদ্ৰানে ৪৮ বলত ৫১ ৰানৰ ইনিংছ খেলিছিল।
অষ্ট্ৰেলিয়াই ১৪৯ ৰানৰ লক্ষ্যৰে বেটত বেটিং আৰম্ভ কৰে যদিও তেওঁলোকৰ কোনো ফ্ৰণ্ট লাইন বেটছমেনে আফগানিস্তানৰ বলিং আক্ৰমণৰ সন্মুখীন হ’ব নোৱাৰিলে। অষ্ট্ৰেলিয়াইও সমগ্ৰ ২০ অভাৰ বেটিং কৰিব নোৱাৰিলে।