অষ্ট্ৰেলিয়াক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে । ছেমি ফাইনেলত বিগত বর্ষৰ চেম্পিয়ন ইংলেণ্ডৰ বিৰুদ্ধে খেলিব ভাৰতে । ইংলেণ্ডৰ দলটোত আই পি এলত খেলা কেইবাগৰাকীও ক্ৰিকেটাৰ আছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভ কৰাৰ পাছতো আত্মবিশ্বাসী হৈছে ভাৰতীয় দলটো। কিন্তু ছেমি ফাইনেল মেচখন অনুষ্ঠিত হ’বনে ? তাক লৈ শংকাৰ সৃষ্টি হৈছে ৷ বৃহস্পতিবাৰৰ খেলখনত বৰষুণৰ আগজাননী দিয়া হৈছে ৷
২৭ জুনৰ নিশা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভাৰত বনাম ইংলেণ্ডৰ খেলখন। গিয়ানাত অনুষ্ঠিত হ’ব এই খেলখন। বৃহস্পতিবাৰে বৰষুণৰ সম্ভাৱনা ৮৮ শতাংশ। খেলপথাৰখনৰ পানী নিষ্কাশন ব্যৱস্থাও বৰ ভাল নহয়। মেচৰ আগতে যদি প্ৰচণ্ড বৰষুণ হয় তেন্তে আউটফিল্ড তিতি থাকিব পাৰে। তেনে ক্ষেত্ৰত খেলখন অনুষ্ঠিত হোৱাত পলম হ’ব। খেলৰ সময়ত বৰষুণ দিলে খেলা সম্ভৱ নহয়। মেচখনত পৰিত্যক্ত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
সেইদিনা টি-২০ বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল। ভাৰতীয় সময় অনুসৰি পুৱাৰ ভাগত অনুষ্ঠিত হ’ব ৷ সেই মেচখনৰ বাবে ৰিজাৰ্ভ ডে’ আছে। অৰ্থাৎ কিবা কাৰণত ভাৰতীয় সময় মতে বৃহস্পতিবাৰে পুৱা নহ’লেও শুকুৰবাৰে পুৱা খেলখন অনুষ্ঠিত হ’ব। কিন্তু দ্বিতীয় ছেমি ফাইনেল খেলিব ভাৰতে। সেই মেচখনৰ বাবে কোনো ৰিজাৰ্ভ ডে’ নাই। কিন্তু প্ৰয়োজন হ’লে ২৫০ মিনিট পৰ্যন্ত অতিৰিক্ত সময়ৰ মেচৰ চেষ্টা কৰিব পাৰিব।