কোপা আমেৰিকাত ব্ৰাজিলৰ আৰম্ভণি ভাল নহ’ল ৷ প্ৰথমখন মেচত কোষ্টা ৰিকাৰ বিৰুদ্ধে ড্ৰ’ খেলিলে ব্ৰাজিলে। মেচখনত দৰ্শকৰ আসনত দেখা গ’ল নেইমাৰে ৷ আঘাতৰ বাবে তেওঁ খেলিব পৰা নাই। কিন্তু ব্ৰাজিলৰ এইগৰাকী শ্ৰেষ্ঠ ফুটবলাৰে ভবা নাছিল যে তেওঁৰ দলটোৱে এনেধৰণে আৰম্ভনি কৰিব ৷
বিগত কেইবা বছৰ ধৰি ব্ৰাজিলৰ খেলৰ ধৰণ সলনি হৈ আহিছে। তাৰ লগতে সফলতাও কমিছে।লেটিন আমেৰিকাৰ দেশখনে শেষবাৰৰ বাবে বিশ্বকাপ জয় কৰিছিল ২০০২ চনত। ইয়াৰ পিছত কোনো এখন বিশ্বকাপতে তেওঁলোকে সফলতা লাভ কৰা নাই ৷ ব্ৰাজিলৰ বিৰুদ্ধে ড্ৰ’ হোৱাৰ পিছত কোষ্টা ৰিকা অনুৰাগীয়ে উল্লাস কৰে। আনহাতে ব্ৰাজিলৰ অনুৰাগীসকল হতাশ হৈ পৰিছে ৷
ব্ৰাজিলে কেইবাটায়ো সুযোগ লাভ কৰিছিল । ৩০ মিনিটৰ শেষত ব্ৰাজিলৰ মাৰ্কুইনছে কোষ্টা ৰিকাৰ নেটত বলটো সোমাই দিয়ে। কিন্তু অফছাইডৰ বাবে ৰেফাৰীয়ে গ’ল বাতিল কৰে। প্ৰথমাৰ্ধত ব্ৰাজিলে আৰু এটা সুযোগ লাভ কৰে। ৰড্ৰিগোৱে গ’ল দিয়াৰ সুযোগ পাইছিল যদিও ক্ৰছবাৰত খুন্দা মৰাৰ ফলত ই ব্যর্থ হয় ৷
অৱশ্যে খেলখনত ব্ৰাজিলৰ ফুটবলাৰসকলে নিয়ন্ত্ৰণ ৰাখিবলৈ সক্ষম হয় । ব্ৰাজিলৰ পৰৱৰ্তী মেচ হ’ব পাৰাগুৱেৰ বিৰুদ্ধে। সেই মেচখন হ’ব ২৯ জুনত। গ্ৰুপৰ অন্তিমখন খেল অনুষ্ঠিত হ’ব কলম্বিয়াৰ বিৰুদ্ধে। সেই মেচখন হ’ব ৩ জুলাইত।