বিশ্বকাপ বিজয়ী আৰ্জেণ্টিনা এতিয়াও কোপা আমেৰিকাত অপৰাজিত হৈ আছে। একেৰাহে দুখন মেচত জয়লাভ কৰে দলটোৱে । দুয়োখন মেচতে লাউটাৰো মাৰ্টিনেজে গ’ল দিয়ে। দুয়োখন মেচতে ৮৮ মিনিটৰ পাছত তেওঁ গ’ল দিয়ে।
কোপা আমেৰিকাত চিলিৰ বিৰুদ্ধে মাত্ৰ দুবাৰহে পৰাস্ত হৈছে আৰ্জেণ্টিনা। দুয়োবাৰেই খেলতপেনাল্টি অনুষ্ঠিত গৈছিল। নিৰ্ধাৰিত সময়ত চিলিয়ে কেতিয়াও লিয়নেল মেছিৰ দলক পৰাস্ত কৰিব পৰা নাই। বুধবাৰে পুৱা অৱশ্যে ড্ৰ’ হোৱাৰ সম্ভাৱনা দেখা গৈছিল। ৮৮ মিনিটলৈকে দুয়োটা দলেই গ’ল দিব পৰা নাছিল। যুঁজত আৰ্জেণ্টিনা আগবাঢ়ি আছিল। মেছিয়ে গ’ল দিব নোৱাৰিলে।
পূৰ্বৰ খেলখনত আৰ্জেণ্টিনাই কানাডাক ২-০ গ’লত পৰাস্ত কৰিছিল। এইবাৰ চিলিক পৰাস্ত কৰে । গ্ৰুপ এত আছে আর্জেণ্টিনা। এতিয়া ৬ পইণ্টেৰে গ্ৰুপৰ শীৰ্ষত আছে দলটো। কানাডাই পেৰুক পৰাস্ত কৰে। দ্বিতীয় স্থানত আছে কানাডা।
গ্ৰুপত আৰ্জেণ্টিনাৰ অন্তিমখন খেল পেৰুৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব । সেই মেচখন হ’ব ৩০ জুনত। অৱশ্যে পৰৱৰ্তী পৰ্যায়ৰ বাবে নিজৰ স্থান সাজু কৰি তুলিছে মেছিয়ে।