বৃহস্পতিবাৰে ছবিগৃহত মুক্তি পালে বছৰটোৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘কল্কি ২৮৯৮ এডি’। ৬০০ কোটি টকাৰ বাজেটেৰে নিৰ্মিত এই ছবিখনক কেন্দ্ৰ কৰি অনুৰাগীসকলৰ মাজত দেখা গৈছিল ব্যাপক উত্তেজনাৰ ৷ ছবিখন তামিল, তেলেগু, হিন্দী, কানাড়া আৰু মালয়ালম ভাষাত মুক্তি লাভ কৰে।
খবৰ অনুসৰি নাগ অশ্বিনৰ পৰিচালিত ছবিখনে প্ৰথম দিনাই বিশ্বজুৰি ১৯১.৫ কোটি টকা সংগ্ৰহ কৰিছে। তেলেগু সংস্কৰণটোৱেই সৰ্বাধিক উপাৰ্জন কৰিছে। বক্স অফিচত লাভ কৰিছে ৬৪.৫ কোটি টকা। এই ছবিখনে এই পৰ্যন্ত হিন্দী ভাষাত ২৭.৫ কোটি, তামিল ভাষাত ৪ কোটি, মালয়ালম ভাষাত ২.২ কোটি আৰু কানাড়া ভাষাত ৩০ লাখ টকা সংগ্ৰহ কৰিছে।
ইয়াৰ পূৰ্বে শ্বাহৰুখ খানৰ অভিনীত ছবি ‘জৱান’-এ বক্স অফিচত দৃষ্টি আকৰ্ষণ কৰিছিল। এই ছবিখনৰ প্ৰথম দিনাৰ বক্স অফিচ সংগ্ৰহ আছিল ৭৫ কোটি টকা। যশ অভিনীত ছবি ‘কে জি এফ চেপ্টাৰ ২’ৰ বক্স অফিচত প্ৰথম দিনাই ১৫৯ কোটি টকা উপার্জন কৰিছিল। সেই সকলোবোৰ অভিলেখ ‘কল্কি ২৮৯৮ এডি’-এ ভংগ কৰে।
বক্স অফিচত প্ৰথম দিনাই ব্যৱসায়ৰ ক্ষেত্ৰত ‘বাহুবলী ২’ আৰু ‘আৰ আৰ আৰ’ৰ পিছত স্থান লাভ কৰিছে ‘কল্কি ২৮৯৮ এডি’। প্ৰভাসৰ বাহুবলী ২ ৰ প্ৰথম দিনৰ বক্স অফিচ সংগ্ৰহ আছিল ২১৭ কোটি টকা। ‘আৰ আৰ আৰ’ৰ প্ৰথম দিনাই বক্স অফিচত ২২৩ কোটি টকা উপাৰ্জন কৰে।
বক্স অফিচত প্ৰথম দিনৰ ব্যৱসায়ৰ ক্ষেত্ৰত এতিয়াও তৃতীয় স্থানত আছে ‘কল্কি ২৮৯৮ এডি’। নাগ অশ্বিনৰ পৰিচালিত ছবিখনত অভিনয় কৰিছে প্ৰভাস, অমিতাভ বচ্চন, দীপিকা পাডুকন, কমল হাছান, দিছা পাটানি আদিয়ে।