ইউৰো কাপৰ অগ্ৰগতিৰ লগে লগে স্পেইন অধিক আগ্ৰাসী হৈ পৰিছে। দেওবাৰে ইউৰো কাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত জৰ্জিয়াক ৪-১ গ’লত পৰাস্ত কৰে স্পেইনে। পৰ্তুগালক পৰাজয় আৰু ইউৰোত অংশগ্ৰহণ কৰিয়েই নকআউট পর্যায়ত উপনীত হোৱা জৰ্জিয়াৰ নকআউটৰ সপোনৰ দৌৰ শেষ হয়। স্পেইনৰ হৈ ৰড্ৰি, ফেবিয়ান ৰুইজ, নিকো উইলিয়ামছ আৰু ডানি অলমোৱে গ’ল দিয়ে। জৰ্জিয়াৰ একমাত্ৰ গ’লটো দিয়ে ৰবিন লে নৰ্মানে ৷ কোৱাৰ্টাৰ ফাইনেলত স্পেইনে আয়োজক দেশ জাৰ্মানীৰ বিৰুদ্ধে খেলিব।
খেলখনৰ আৰম্ভণিৰে পৰাই স্পেইনৰ বলৰ ওপৰত নিয়ন্ত্ৰণ আছিল। আৰম্ভণিতে আলভাৰো মৰাটা আৰু ৰুইজে সুযোগ লাভ কৰিছিল। কিন্তু জৰ্জিয়াই গ’ল হোৱাৰ পৰা ৰক্ষা কৰে ।
ভবা হৈছিল যে জৰ্জিয়াই এটা গ’ল দিয়াৰ পিছত ঘূৰি আহিব। সেই সুযোগো তেওঁলোকে কেইবাবাৰো সৃষ্টি কৰিছিল। কিন্তু আক্ৰমণাত্মক স্পেইনৰ বিৰুদ্ধে কোনো কৌশলেই কাম কৰা নাছিল। ইয়াৰ বিপৰীতে খেলখন আগবাঢ়ি যোৱাৰ লগে লগে স্পেইনৰ আক্ৰমণ চোকা হৈ পৰিল। ৭৫ মিনিটত নিকো উইলিয়ামছে গ’ল দিয়ে। দহ মিনিটৰ পাছত স্পেইনে চতুৰ্থটো গ’ল দিয়ে।