ইউৰো কাপত স্লোভেনিয়াৰ বিৰুদ্ধে পেনাল্টি শ্বুটআউটৰ পাছতে ক্রিষ্টিয়ানো ৰোনাল্ডোৱে চকুলো ৰখাব নোৱাৰিলে ৷ সেই সময়ত গেলেৰীত উচুপি উঠিল তেওঁৰ মাতৃ মাৰিয়া ছান্টছ ডলৰেছে ৷ এই মেচখনৰ পাছতে ৰোনাল্ডোৱে ঘোষণা কৰে যে এয়া তেওঁৰ শেষ ইউৰো কাপ৷
স্লোভেনিয়াৰ বিৰুদ্ধে অতিৰিক্ত সময়ত পৰ্তুগালে পেনাল্টি লাভ কৰে। ৰোনাল্ডোৱে গ’ল দিয়াৰ সেই সুযোগ গ্ৰহণ কৰাত ব্যর্থ হয় ৷ মেচখন টাইব্ৰেকাৰৰ দ্বাৰা নিৰ্ণয় কৰা হয়। ৰোনাল্ডোৱে টাইব্ৰেকাৰত গ’ল দিবলৈ সক্ষম হয় ৷ কোৱাৰ্টাৰ ফাইনেলত টাইব্ৰেকাৰত পৰ্তুগালে স্লোভেনিয়াক ৩-০ গ’লত পৰাস্ত কৰে। সংবাদ মাধ্যমৰ আগত ৰোনাল্ডোৱে কয় –“ এয়া মোৰ শেষ ইউৰো। তাত কোনো সন্দেহ নাই। কিন্তু মই এই বিষয়ে চেন্টিমেণ্টেল হোৱা নাই। অনুৰাগী আৰু পৰিয়ালে যিদৰে থিয় হৈ আছে তাক লৈ মই আপ্লুত হৈ পৰিছো।”
ৰোনাল্ডোৰ বয়স এতিয়া ৩৯ বছৰ। চাৰি বছৰৰ পাছত পুনৰ অনুষ্ঠিত হ’ব ইউৰো কাপ। সেই সময়ত ৰোনাল্ডোৰ বয়স হ’ব ৪৩ বছৰ। ফলত চাৰি বছৰৰ পাছত পুনৰ ইউৰো কাপ খেলাটো তেওঁৰ বাবে সম্ভৱ নহ’ব। স্লোভেনিয়াৰ বিৰুদ্ধে টাইব্ৰেকাৰত গ’ল নিদিয়ালৈকে এইবাৰৰ ইউৰো কাপত ৰোনাল্ডোৰ কোনো গ’ল নাছিল। সেইবাবেই সোমবাৰে নিশা পেনাল্টি মিছ কৰি কান্দি উঠে তাৰকা গৰাকী। পুত্ৰৰ চকুলো দেখি মাতৃয়ে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ৷
ইয়াৰ পূৰ্বেও ৰোনাল্ডোৱে প্ৰকাশ কৰিছিল যে তেওঁৰ মাতৃ এই খেলৰ প্ৰতি আকৰ্ষিত। সেই কাৰণে ৰোনাল্ডোৱে মাকক খেল চাবলৈ অহাত বাধা দিছিল। পূর্বে দুবাৰকৈ উত্তজনাপূর্ণ মেচ উপভোগ কৰি মাতৃ অজ্ঞান হৈ পৰিছিল। কিন্তু ৰাষ্ট্ৰীয় মেচ হ’লে ঘৰত বহি থাকিব নোৱাৰে ৰোনাল্ডোৰ মাতৃ। গতিকে তেওঁ ইউৰো চাবলৈ জাৰ্মানীলৈ আহিছিল।
কোৱাৰ্টাৰ ফাইনেলত পৰ্তুগালে স্লোভেনিয়াক পৰাস্ত কৰে। পৰৱর্তী পৰ্যায়ত ফ্ৰান্সৰ বিৰুদ্ধে খেলিব ৰোনাল্ডোৱে। বেলজিয়ামক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে কাইলিয়ান এমবাপে। শুকুৰবাৰে নিশা দুয়োটা দল মুখামুখি হ’ব।