বিগত চাৰি মাহ ধৰি অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠান চলি আছে। প্ৰথমে জামনগৰত, তাৰ পিছত ইটালীত আড়ম্বৰপূর্ণ অনুষ্ঠান অনুষ্ঠিত হয় । অহা ১২ জুলাইত অনন্ত আৰু ৰাধিকাৰ বিবাহ অনুষ্ঠিত হ’ব। ইয়াৰ মাজতে মুকেশ-পত্নী নীতা আম্বানীয়ে কাশী বিশ্বনাথ মন্দিৰলৈ গৈ মহাদেৱক প্ৰথম বিবাহৰ নিমন্ত্ৰণী পত্ৰ উচৰ্গা কৰে। তেতিয়াৰ পৰাই আৰম্ভ হৈছে বিয়াৰ নিমন্ত্ৰণী পত্ৰ বিতৰণ পর্ব ৷ বুধবাৰে আছিল বিয়াৰ আগৰ ‘মেমাৰু’ অনুষ্ঠান। ৫ জুলাইত মুম্বাইস্থিত আম্বানীৰ ঘৰত অনুষ্ঠিত হ’ব সংগীত অনুষ্ঠান। সংগীত অনুষ্ঠানত গান গাবলৈ আহিছে পপ তাৰকা জাষ্টিন বিবাৰ। মুকেশ আম্বানীৰ সৰু ল’ৰাৰ বিয়াত গান গাবলৈ জাষ্টিনে কিমান ধন ল’ব জানেনে ?
আম্বানীৰ ঘৰৰ বিয়া এক বৃহৎ অনুষ্ঠান, কোটি কোটি টকা খৰচ কৰি আনে বিশ্বৰ বিখ্যাত তাৰকা। জামনগৰ অনুষ্ঠানত গান গাবলৈ আহিছিল ৰিহানা। ইয়াৰ উপৰিও মঞ্চত দেখা যায় দিলজিৎ দোছাঞ্জক। ইয়াৰ পিছত ইটালীত অনুষ্ঠিত হোৱা অনুষ্ঠানত বিপুল পৰিমাণৰ ধন খৰচ কৰি ছাকিৰা, কেটি পেৰী, পিট বুলৰ দৰে তাৰকাক মঞ্চলৈ আনিছিল। এইবাৰ গান গাবলৈ আহিছে জাষ্টিন বিবাৰ। প্ৰায় ৮৩ কোটি টকাৰ বিনিময়ত সৎগীতানুষ্ঠান পৰিৱেশন কৰে । অনন্তৰ ভনীয়েক ঈশাৰ বিয়াৰ সময়ত বিয়ন্সিয়ে গান গাবলৈ আহিছিল। সেই সময়ত তেওঁ প্ৰায় ৩৩ কোটি টকা লৈছিল। কিন্তু জাষ্টিনে সকলো তাৰকাক অতিক্ৰম কৰিলে।
অনন্ত-ৰাধিকাৰ বিবাহ অনুষ্ঠান জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত হ’ব। বিয়াৰ পিছদিনা শুভ আশীৰ্বাদ অনুষ্ঠান । পিছদিনা মংগল উৎসৱ অৰ্থাৎ অভ্যৰ্থনা পাৰ্টি। সকলো অনুষ্ঠান জিঅ’ ৱর্ল্ড চেণ্টাৰত অনুষ্ঠিত হ’ব।