লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱত প্ৰথম ভাৰতীয় অভিনেতাৰ আত্মপ্ৰকাশ। । অহা ১০ আগষ্টত মহোৎসৱৰ শ্বাহৰুখ খানক জীৱনজোৰা সাধনা বঁটা (পাৰ্ডো আলা কেৰিয়াৰ) প্ৰদান কৰা হ’ব। শতাধিক ছবিত বিভিন্ন চৰিত্ৰত অভিনয় কৰি আগবঢ়োৱা অৱদানৰ বাবে এই বঁটাৰ বাবে মনোনীত হৈছে বলীউডৰ কিং খান। বঁটা লাভ কৰাৰ পিছত দৰ্শকৰ সৈতে মতবিনিময়ত অংশগ্ৰহণ কৰিব শ্বাহৰুখে। ইয়াৰ পিছত শ্বাহৰুখ অভিনীত বিখ্যাত ছবি ‘দেৱদাস’ প্ৰদৰ্শিত হ’ব। সঞ্জয় লীলা ভাঞ্চালীৰ পৰিচালিত ছবিখন ২০০২ চনত মুক্তি লাভ কৰিছিল, য’ত শ্বাহৰুখৰ সৈতে ঐশ্বৰ্য ৰায় বচ্চন আৰু মাধুৰী দীক্ষিতে অভিনয় কৰিছিল।
লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱৰ কলাত্মক পৰিচালক জিঅ’না এ নাজাৰোৱে কয় – ‘লোকাৰ্নোত শ্বাহৰুখৰ দৰে জীৱন্ত কিংবদন্তি উপস্থিত থকাটো আমাৰ বাবে এক সপোন পূৰণ হোৱাৰ দৰে । ভাৰতীয় চিনেমালৈ তেওঁৰ অৱদান অনস্বীকাৰ্য। যাৰ বাবে অভিনেতাজনে কেতিয়াও দৰ্শকৰ বিচিন্ন হোৱা নাই।” লগতে তেওঁ কয়, ‘শ্বাহৰুখ সঁচাকৈয়ে এজন সাহসী অভিনেতা। অভিনেতাগৰাকীয়ে তেওঁৰ ছবিৰ পৰা দৰ্শকে যি আশা কৰে সেয়া দি আহিছে। তেওঁ এজন ‘জনতাৰ নায়ক’, তথাপিও ডাউন টু আৰ্থ। তেওঁ আমাৰ সময়ৰ কিংবদন্তি।”