ঘৰুৱা ৰন্ধা-বঢ়াত কিছুমান উপাদান আছে, যিবোৰৰ ব্যৱহাৰ কেৱল ৰন্ধা-বঢ়াতে সীমাবদ্ধ নহয়। তেনে এটা উপাদান হ’ল বেকিং চ’ডা। কেক কোমল আৰু ফুলি উঠাৰ পৰা আৰম্ভ কৰি পাকঘৰ চাফা কৰালৈকে—বেকিং চ’ডাৰ ব্যৱহাৰ হয় ৷ ৰন্ধা-বঢ়াৰ বাহিৰেও ইয়াক আন কেইবাটায়ো কামত ব্যৱহাৰ কৰিব পৰা যায় ৷
বেকিং চ’ডাৰ উপকাৰিতা:
১) দাঁত ব্ৰাছ কৰাৰ পিছত মুখৰ দুৰ্গন্ধ আঁতৰি নগ’লে এগিলাচ পানীত এচামুচ বেকিং চ’ডা দি গাৰ্গল কৰিব পাৰে। বেকিং চ’ডাই দুৰ্গন্ধ আঁতৰাই পেলায়। আনকি, দাঁত চাফা কৰাৰ বাবেও ই কার্যক্ষম ৷
২) ভিনেগাৰ আৰু বেকিং চ’ডাৰ মিশ্ৰণে ৰূপৰ গহনা ভালদৰে পৰিষ্কাৰ কৰে। এটা বাটিত আধাকাপ ভিনেগাৰ আৰু দুচামুচ বেকিং চ’ডা মিহলাই তাত ৰূপৰ গহনা পাঁচ মিনিট তিয়াই থওক। ইয়াৰ পিছত কপাহী ব্ৰাছেৰে মিশ্ৰণটো পৰিষ্কাৰ কৰি লওক।
৩) পোক-পৰুৱাৰ কামুৰিলে প্ৰায়ে ছালত বিষ হয়। সূৰ্যৰ পোহৰে ছানবার্ন কৰে । তেনে ক্ষেত্ৰত বেকিং চ’ডা পানী মিহলাই পোকে কামোৰা অংশত লগালে সকাহ পাব।
৪) গোটেই দিনটো খোজ কঢ়াৰ পিছত ভাগৰুৱা অনুভৱ কৰাটো স্বাভাৱিক। বেকিং চ’ডাৰ সৈতে মিহলি কৰা কুহুমীয়া পানীত ভৰি দুখন কিছুদেৰি তিয়াই ৰাখক ৷ আৰাম পাব।
৫) হাৰ্টবাৰ্ণ হ’লে এগিলাচ পানীৰ লগত এচামুচ বেকিং চ’ডা খাব লাগে। বেকিং চ’ডা বা ছডিয়াম বাইকাৰ্বনেট ফলপ্ৰসূ এন্টাচিড। খোৱাৰ মুহূৰ্তৰ পৰাই ফলাফল পাব।
৬) সমান পৰিমাণৰ নিমখ আৰু বেকিং চ’ডা মিহলাই লওক। পিঁপৰা থকা স্থানত দিয়ক ৷ পিঁপৰাবোৰ নিমিষতে আঁতৰি যাব ৷